হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীয় লোকৰ প্ৰতিবাদত উত্তাল ৰাজপথ...

প্ৰতিবাদকাৰীৰ আহ্বানলৈ সঁহাৰি দি নিশা ৰাজপথলৈ ওলাই আহে শ শ লোক। তিনিচুকীয়াৰ আই টি আই ৰ খেলপথাৰত অজস্ৰ লোক সমৱেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, মৰাণ জনজাতি হৈছে আদিম ভূমিপুত্র জনজাতি।

author-image
Asomiya Pratidin
New Update
new ap web  2

ডিজিটেল সংবাদ,তিনিচুকীয়াঃ জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে মৰাণসকলে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰে বুধবাৰে পুনৰ এক বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাই।

প্ৰতিবাদকাৰীৰ আহ্বানলৈ সঁহাৰি দি নিশা ৰাজপথলৈ ওলাই আহে শ শ লোক। তিনিচুকীয়াৰ আই টি আই ৰ খেলপথাৰত অজস্ৰ লোক সমৱেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, মৰাণ জনজাতি হৈছে আদিম ভূমিপুত্র জনজাতি।

মৰাণ জনজাতি সকলে বিভিন্ন সময়ত তেওঁলোকৰ জনজাতিকৰণৰ মর্যাদা বিচাৰি বিভিন্ন সময়ত চৰকাৰক আবেদন-নিবেদন কৰি আহিছে যদিও আজি পর্যন্ত জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিলে। সেয়ে পুনৰ এই আদিম ভূমিপুত্ৰ মৰাণ জনজাতিক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত প্রদান কৰা আদি কৰি কেইবাদফীয়া দাবী লৈ কাকপথাৰত জোঁৰ সমদল বাহিৰ কৰে।

‘‘জনজাতিকৰণ আমাৰ ন্যায্য দাবী, বিজেপি হায় হায়,জনজাতিকৰণ লাগিবই,  জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, আমাক স্বায়ত্তশাসন প্ৰদান কৰক আদি শ্ল'গানেৰে কাকপথাৰৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

মৰাণ