সন্মুখত পঞ্চায়ত নিৰ্বাচন, ঝুমুৰ নাচি ভোট ভিক্ষা বিধায়কৰ, VIDEO

সন্মুখত পঞ্চায়ত নিৰ্বাচন, ঝুমুৰ নাচি ভোট ভিক্ষা বিধায়কৰ, VIDEO

ডিজিটেল সংবাদ, মৰাণঃ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী। সোমবাৰলৈ অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অভিযান। অস্তিত্ব ৰক্ষাৰ বাবে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত নামি কৰযোৰে ভোটাৰ ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰি ফুৰিছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দ্দেশত সমষ্টিসমূহত বিজেপিৰ বিধায়কসকলেও ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছে। ১০৫ নং মাহমৰা বিধানসভা সমষ্টি বিধায়ক যোগেন মহনে দিনে-ৰাতিয়ে ভোটাৰৰ কাষলৈ গৈ বিহু নাচি, ঝুমুৰ নাচি সমষ্টিবাসী ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰি ফুৰিছে। পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত বিজেপিয়ে আটাইবোৰ আসন দখল কৰিব বুলিও দাবী কৰে বিধায়ক গৰাকীয়ে।

নাগৰিকত্ব সংশোধনী আইন গৃহীত হ'লে তেওঁৰো বিৰোধিতা কৰিব বুলি কয়। বিধায়ক যোগেন মহনে বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদক ক্ষুৰধাৰে সমালোচনা কৰে। বিধানসভা নিৰ্বাচনত বিজেপিৰ বোকোচাত উঠি প্ৰদীপ গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে। ভৱিষ্যতে অগপৰ ৰাজ্যত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেতিয়াও বাস্তৱ নহ'ব বুলিও মন্তব্য কৰে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in