মৰাণত ককায়েকক দাৰে ঘপিয়াই হত্যা কৰি ভাতৃ হাজিৰ হ’ল থানাত

মৰাণত ককায়েকক দাৰে ঘপিয়াই হত্যা কৰি ভাতৃ হাজিৰ হ’ল থানাত

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত ককায়েকক দাৰে ঘপিয়াই হত্যা কৰি দেওবাৰে পুৱাই মৰাণহাট আৰক্ষী থানাত হাজিৰ হয় চন্দন কৃষান(৩২) নামৰ এজন লোক। মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত তিলৈজান মাজপথাৰত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। গঞ্জু কৃষান(৩৪)ক নিজৰ কনিষ্ঠ ভাতৃ চন্দন কৃষানে দাৰে ঘপিয়াই মৰাণহাট আৰক্ষী থানাত হাজিৰ হয়।

এই ঘটনাই মৰাণত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৱন কুমাৰ কৃষানৰ জ্যেষ্ঠ পুত্ৰ গঞ্জু কৃষানে মদ্যপান কৰি অন্য দিনাৰ দৰে শনিবাৰে নিশাও ঘৰলৈ গৈ হুলস্থুল কৰাত কনিষ্ঠ পুত্ৰ চন্দন কৃষানে খঙত অগ্নিশৰ্মা হৈ হিতাহিত জ্ঞান হেৰুৱাই এখন দাৰে উপযুপৰি ঘপিয়াই হত্যা কৰে।

হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে দেওবাৰে পুৱাই মৰাণহাট আৰক্ষী থানাত হাজিৰ হয় লোকজন। মৰাণহাট আৰক্ষীয়ে কিছু সময় পূৰ্বে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in