মৰাণত জাতীয় সংগঠনৰ নেতাৰ গুণ্ডাগিৰি!

মৰাণত জাতীয় সংগঠনৰ নেতাৰ গুণ্ডাগিৰি!

ডিজিটেল সংবাদ, মৰাণঃ শুকুৰবাৰে জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কিছু নেতা কোন দিশে ধাৱমান হৈছে সেয়া সকলোৱে দেখিছে। বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংগমস্থলত অৱস্থিত মৰাণ নগৰ আৰু পাশ্বৱৰ্ত্তী অঞ্চলত একাংশ অসাধু যুৱকে জাতীয়-জনগোষ্ঠীয় সংগঠন যোগ দি গুণ্ডাগিৰি কৰি কেৱল ধন সংগ্ৰহ অভিযানত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে।

তদুপৰি উত্থাপিত অভিযোগ অনুসৰি, সংগঠন সমূহেও এই অভিযুক্তসকলক সন্মান জনায়। মৰাণত এই অসাধু যুৱক কেইজনে যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰা নামত ব্যৱসায়ী সকলৰ পৰা সংগ্ৰহ কৰে মোটা অংকৰ ধন। যদি নিদিয়ে তেন্তে অত্যাচাৰ চলায়। দৈনিক ২৪ ঘন্টাই সহজ উপায়ে ধন ঘটাত ব্যস্ত এইসকল সংগঠনৰ নেতা।

ইফালে, শুকুৰবাৰেও সংঘটিত হয় এনে এটি ঘটনা। আৰক্ষীয়ে নেদেখা কুলি ভাওঁ ধৰে বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে। মৰাণত ঐক্য সেনা আৰু আহোম সেনা সদস্যৰ একাংশ নেতাৰ অতপালিৰ বাবেই মৰাণবাসী এই দুৰ্দশা হয়। গুণ্ডা কৰ বিচাৰি শাক-পাচলি ব্যৱসায়ী আৰু পাচলি কঢ়িয়াই অনা ট্ৰাক চালকক প্ৰহাৰ কৰে ছয়জনীয়া এটা গুণ্ডাৰ দলে। ঠেলাৱালাক পাচলি দোকানলৈ নিবলৈ নিদি মৃত্যুৰ ভাবুকিও দিয়ে। এই কাৰ্যত আহোম সেনাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি নীৰজ গগৈ আৰু ঐক্য সেনা মৰাণ আঞ্চলিক সমিতিৰ উপ-সভাপতি ৰাহুল দেৱসহ ছয়জনীয়া দল জড়িত থকাৰ অভিযোগ ৰাইজৰ।

এই ছয়জনীয়া দলে ৰাসায়নিক শাক-পাচলি বজাৰত বিক্ৰী কৰা বুলি কৈ ব্যৱসায়ীৰ পৰা ধনদাবী কৰাৰ লগতে ধন নিদিলে মৃত্যুৰ ভাবুকি দিয়াৰ লগতে ট্ৰাক চালককো ধনদাবী কৰি মাৰপিত কৰাৰো এক অভিযোগ উত্থাপন হয়। ঘটনা সৰ্ন্দভত মৰাণ দৈনিক বজাৰ ব্যৱসায় সন্থাৰ আৰু ট্ৰাক চালক সকলে ধনবাদী কৰি ব্যৱসায়ী আৰু ট্ৰাক চালকক মাৰপিত কৰা যুৱককেইজনৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদি আৰক্ষীয়ে ধনদাবী কৰা লোককেইজনৰ বিহীত ব্যৱস্থা নলয় তেন্তে অনিৰ্দিষ্ট কাললৈ পাচলি বজাৰ বন্ধ কৰিব বুলিও হুংকাৰ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in