মোৰাঝাৰত ডকাইতি কাণ্ডঃ অস্ত্ৰধাৰী ডকাইতে লুটিলে প্ৰায় দুই লাখ টকা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত ৰহমত নগৰত বুধবাৰে নিশা ৯.৩০ মান বজাত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জানিব পৰা মতে, ৰহমত নগৰ বজাৰৰ গেলামাল দুকানৰ ব্যৱসায়ী কফিল উদ্দিন নামৰ লোকজন দোকান বন্ধ কৰি ঘৰত যোৱাৰ সময়ত বাট আগুৰি ধৰি মুখত কলা কাপোৰ বান্ধি এখন নম্বৰ প্লেট বিহীন মটৰ চাইকেলেৰে দুজন অস্ত্ৰধাৰী যুৱকে ব্যৱসায়ী জনৰ পৰা প্ৰায় দুই লাখ টকা ভৰ্তি বেগ লুটি লৈ যায়। ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ব্যৱসায়ী জনৰ চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ ওলাই আহে আৰু ৰাইজে যুৱক দুজনৰ পিছে পিছে খেদি যায় যদিও বিফল হয়। ঘটনা সংক্ৰান্তত ভুক্তভোগী লোকজনে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in