মোৰাঝাৰত চীপ লোৱা অৱস্থাত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পিতৃ পৰিয়ালৰ…

মোৰাঝাৰত চীপ লোৱা অৱস্থাত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পিতৃ পৰিয়ালৰ…

ডিজিটেল সংবাদ, মোৰাঝাৰ : হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অধীনস্থ চাৰিংপথাৰ গাঁৱৰ এগৰাকী মহিলাৰ মৃতদেহ ডিঙিত চীপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ডিঙিত চীপলৈ থকা অৱস্থাত উদ্ধাৰ হোৱা বোৱাৰী গৰাকী হৈছে চকিলা বেগম । স্থানীয় ৰাইজে উত্থাপণ কৰা অভিযোগ অনুসৰি মোৰাঝাৰ আৰক্ষী থানাৰ অধীনস্থ চাৰিং পথাৰৰ বাসিন্দা হুছেইন আহমেদে তিনিটা সন্তানৰ মাতৃ চকিলাৰ উপৰি আন এগৰাকী মহিলাক বিয়া কৰাই ঘৰ সংসাৰ কৰি আহিছে । হুছেইন আহমেদে দ্বিতীয় বিবাহ কৰাৰ পিছৰ পৰাই প্ৰথম পত্নী আৰু সন্তানৰ প্ৰতি অনীহা দেখুৱাই অহাৰ উপৰি নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ।

পাৰিবাৰিক সংঘাতৰ পৰিণতিত আজি ৰহস্য জনক অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ডিঙিত চীপ লোৱা অৱস্থাত বোৱাৰীৰ মৃতদেহ । মৃতদেহটো প্ৰত্যক্ষ কৰি বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালক খবৰ দিয়াত মৃত চকিলা বেগমৰ পিতৃ গৃহৰ লোক স্বামী গৃহত উপস্থিত হয় । বোৱাৰী জনীক স্বামী পৰিয়ালে পৰিকল্পিত ভাবে হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপণ কৰাত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । ইপিনে ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী আৰু চৌধুৰী বজাৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ স্বামী হুছেইন আহমেদক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

স্বামী হুছেইন আহমেদে আজি ৰাতিপুৱা চাকিলা বেগমক মাৰধৰ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে ৰাইজে । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । উক্ত জঘন্য ঘটনা সন্দৰ্ভত স্বামী হুছেইন আহমেদক আৰক্ষীয়ে আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে । এয়া পৰিকল্পিত হত্যা নে আত্মহত্যা সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই ।মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মোৰাঝাৰ আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in