মায়াৱতীৰ ঘনিষ্ঠৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী, জব্দ ৫০ লাখ টকীয়া ম’ন্ট ব্লাংক পেন

মায়াৱতীৰ ঘনিষ্ঠৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী, জব্দ ৫০ লাখ টকীয়া ম’ন্ট ব্লাংক পেন

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া নেতা ৰামৰ বাসগৃহত মঙলবাৰে আয়কৰ বিভাগে তালাচী চলায়।

জানিব পৰা মতে, আয়কৰ বিভাগৰ তালাচীৰ সময়ত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ আৱাসৰ পৰা নগদ ১.৬৪ কোটি উদ্ধাৰ হোৱাৰ লগতে প্ৰায় ২২৫ কোটি টকা মূল্যৰ নথি উদ্ধাৰ হয়। তদুপৰি আয়গৰ বিভাগে ৫০ লাখ মূল্যৰ এনা বিলাসী ম'ন্ট ব্লাংক পেনো জব্দ কৰিবলৈ সক্ষম হয়।

চৰকাৰী সূত্ৰই সদৰি কৰা অনুসৰি কেইবা কোটি টকাৰ কৰ ফাঁকি দিয়াৰ সন্দেহত মায়াৱতীৰ ঘনিষ্ঠ হিচাপে পৰিচিত নেতা ৰামৰ বাসগৃহত আয়কৰ বিভাগে অভিযান চলাইছিল। নেতা ৰামৰ ১২ টাৰো অধিক স্থানত থকা আৱাসত তালাচী অভিযান চলাইছিল আয়কৰ বিভাগে।

উল্লেখ্য যে, ১৯৭৯ বেচৰ আইএএছ বিষয়া নেতা ৰামে এটা শক্তিশালী আমোলাতন্ত্ৰৰ গ্ৰুপৰ অংশীদাৰ আছিল। বিএছপি প্ৰধান মায়াৱতী উত্তপ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁ এই গ্ৰুপটোৰ কাম কাজ চলাই নিছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈ গৃহ বিভাগৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত মায়াৱতীৰো প্ৰধান সচিব হিচাপে নিয়োজিত হৈছিল। অৱসৰ গ্ৰহণৰ পিছত তেওঁ বিএছপি পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তুতি চলাই থকা বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in