সুস্থ হৈছে কোৰোনাত আক্ৰান্ত হোৱা মণিপুৰৰ যুৱতী গৰাকী, দ্বিতীয় স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ…

সুস্থ হৈছে কোৰোনাত আক্ৰান্ত হোৱা মণিপুৰৰ যুৱতী গৰাকী, দ্বিতীয় স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ…

ডিজিটেল সংবাদ, ৱাখাঃ কোভিড – ১৯ আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ থকা মণিপুৰৰ ২৩ বছৰীয়া যুৱতী গৰাকী স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ সুস্থ হবলৈ আৰম্ভ কৰিছে । যোৱা শুকুৰবাৰে কৰা দ্বিতীয়টো স্বাস্থ্যৰ পৰীক্ষাত যুৱতী গৰাকীৰ দেহত কোভিড -১৯ নিগেটিভ পোৱা গৈছে বুলি প্ৰকাশ কৰিছে ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সৰ সঞ্চালক প্ৰফেছৰ টি ভিমই । যুৱতী গৰাকী স্বাস্থ্য সম্প্ৰতি স্থিৰ হৈ আছে ।

আশা কৰা হৈছে তেওঁ অচিৰেই সম্পূৰ্ণ আৰোগ্য লাভ কৰিব । উল্লেখযোগ্য যে লণ্ডনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ২৩ বছৰীয়া মণিপুৰী যুৱতী গৰাকীৰ কোৰোনা ভাইৰাছৰ আতংকৰ বাবে ইম্ফলৈ উভতি অহাৰ পিছত তেওঁক স্বাস্থ্য পৰীক্ষাত কোভিড – ১৯ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ।

লগে লগে মণিপুৰৰ স্বাস্থ্য বিভাগে তেওঁক ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট মেডিকেল ছাইন্সত ভৰ্তি কৰায় । বৰ্তমানলৈকে মণিপুৰত দুগৰাকী লোক এই কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰ দ্বিতীয় গৰাকী ক'ভিড ১৯ ত আক্ৰান্ত লোকজন থৌবাল জিলাৰ । তেওঁ দিল্লীৰ নিজামুদ্দিন তবিলীগ জামাতলৈ গৈছিল । এই ব্যক্তি গৰাকীক সম্প্ৰতি ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সত চিকিৎসা কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in