শেহতীয়া খবৰ
গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক'লা প্ৰদৰ্শন...  •  নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত...  •  চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন...  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...

মণিপুৰত কুকি গাঁৱৰ গাঁওবুঢ়া হত্যাকাণ্ডৰ ঘটনাক গৰিহণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ…

80

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ হেঙজঙ কুকি গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁৰ ভতিজাকক অচিনাক্ত বন্ধুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ ঘটনাক মুখ্যমন্ত্ৰী এন বীৰেন সিঙ তীব্ৰ নিন্দা কৰিছে। উল্লেখযোগ্য যে যোৱা ১০ জুলাইত দিনৰ ১২: ৩০ বজাত সন্দেহজনক বিদ্ৰোহীয়ে হেঙজঙ কুকি গাঁৱৰ গাঁওবুঢ়া থঙনে’অ কিপজেন( ৫৮) আৰু তেওঁৰ ভতিজাক থঙমিনলুন হাওকিপ (২৬) কাঙপকপিলৈ বুলি নিজা গাড়ীৰে গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে ।

উল্লেখযোগ্য যে এই এই ঘটনাৰ পাছত কুকি অধ্যুষিত অঞ্চলটি উত্তেজনা বিয়পি পৰে ।আনহাতে এই ঘটনা সংঘটিত হোৱা পিছতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পৰিস্থিতি বুজ লৈ এই বুলি কৈছে যে নিদোষী জীৱনক লক্ষ্য কৰি এনেদৰে হত্যা কৰা কাৰ্যক নিন্দা কৰিছে ।

বীৰেন সিঙে কয় যে সভ্য সমাজত এনে জঘন্য ঘটনাৰ কোনো স্থান নাই । দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব । ইফালে আন এক ঘটনাত এন এছ চি এন বিদ্ৰোহী পলাই যোৱাত মণিপুৰৰ চৰকাৰে পাঁচজন আৰক্ষীক কৰ্তব্য গাফিলতি বাবে নিলম্বন কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি