মণিপুৰৰ ম’ৰেত চহৰত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলী চালনাত এজন নিহত…

মণিপুৰৰ ম’ৰেত চহৰত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলী চালনাত এজন নিহত…

ডিজিটেল সংবাদ , ৱাখাঃ মণিপুৰৰ ম্যানমাৰ সীমান্তত ম'ৰেত চহৰত শনিবাৰে পুৱা ইউ কে এল এফ উগ্ৰপন্থীয়ে চলোৱা নিৰ্বিচাৰ গুলী চালনাত এজন লোক থিতাতে মৃত্যুৰ হোৱাৰ লগতে অন্য এজন গুৰুত্বভাৱে আহত হয় । প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে পুৱা ১১ :৩০ বজাত এখন জিপচীত অহা অত্যাধুনিক অস্ত্ৰৰে সজিত দলটোৱে টেঙনৌপাল জিলাৰ ম'ৰে চহৰৰ ৯ নং ৱাৰ্ড এখন ৱৰ্কশ্বপলৈ লক্ষ্য কৰি কেইবা ৰাউণ্ড গুলী চালনা কৰে ।

এই গুলী চালনাত হাইজাঙ গাঁৱৰ থাঙমীনলেন গুইট নামৰ এগৰাকী ৪৫ বছৰীয়া লোক নিহত হয় । আনহাতে মৈৰাঙ জিলাৰ গুলবাজ নামৰ ১৯ বছৰীয়া মেকানিক জন আহত হয় । ইফালে কুকি নেচনেল অৰ্গেনাইজেচনে এই গুলী চালনাত ইউ কে এল এফ উগ্ৰপন্থী জৰিত আছে ।

কে এন অৱে নামৰ সংগঠনটোৰ মতে জিপচীতখনত অহা ইউ কে এল এফৰ কেডাৰে গেৰেজটোৰ ওপৰত প্ৰায় তিনি ৰাউণ্ড গুলী চালনা কৰে । এই ঘটনাত ম'ৰে চহৰত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in