ৰুষ্ট প্ৰকৃতিয়ে বিধ্বস্ত কৰিলে ঐতিহ্যমণ্ডিত মইনাপুখুৰী ভূঁইচম্পা দেৱী মন্দিৰ…

ৰুষ্ট প্ৰকৃতিয়ে বিধ্বস্ত কৰিলে ঐতিহ্যমণ্ডিত মইনাপুখুৰী ভূঁইচম্পা দেৱী মন্দিৰ…

ডিজিটেল সংবাদ বাক্সাঃ বাক্সাত ৰুষ্ট প্ৰকৃতি ৷ ভূমিস্খলনত বিধ্বস্ত পৰ্যটনস্থলী মইনাপুখুৰী ভূইচম্পা মন্দিৰ ৷ বিগত কিছুদিন ধৰি চলি থকা বৰষুণে চাৰিওফালে বানপানীৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ আৰম্ভ হৈছে ভূমিস্খলনৰ ৷ জিলাখনৰ ভাৰত- ভূটান সীমান্তৰ ভূটানখুটিত থকা পৰ্যটনস্থলীতো কালিৰে পৰা সৃষ্টি হোৱা ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে ভূইচম্পা দেৱীৰ মন্দিৰ ৷

উল্লেখ্য যে পাহাৰৰ এটি টিলাত অৱস্থিত এই মন্দিৰটো ৰাজ্যখনৰ এক পৰ্যটনস্থলী হিচাপে গঢ়ি উঠিছিল ৷ ৰাজ্যৰ পৰ্যটন বিভাগেও মইনাপুখুৰীক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ আঁচনি গ্ৰহন কৰিছিল ৷ ৰাজ্যখনৰ লগতে বহি: ৰাজ্যৰ পৰাও বিভিন্ন ভক্তৰ সমাগম ঘটিছিল এই স্থানত ৷

পিচে বৰষুণৰ ফলত সৃষ্টি হোৱা বৰষুণৰ ফলত মইনাপুখুৰীৰ ভূইচম্পা দেৱীৰ নৱ নিৰ্মিত মন্দিৰটো পশ্চিম দিশে হালি যোৱাৰ লগতে তালৈ যোৱা পথটোও বিধ্বস্ত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in