কাজিৰঙাৰ জীৱন্ত দলিল আছিল- মোহনমালা...

মোহনমালা!  মাত্ৰ এজনী হাতীৰ নাম নহয়, মোহনমালা আছিল কাজিৰঙা অভয়াৰণ্যৰ বহু অলিখিত ঘটনা-পৰিঘটনাৰ জীৱন্ত দলিল স্বৰূপ,  যিয়ে নিজৰ বুকুত বহন কৰিছিল কাজিৰঙাৰ  বছৰজোৰা ইতিহাস আৰু অপ্ৰকাশিত দুখৰ বোজা ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new ap web 2 (19)

আনে নেদেখা, নুবুজা কাজিৰঙাক দেখিছিল, বুজিছিল মোহনমালাই। কাজিৰঙাৰ সাহসৰ প্ৰতীক আছিল মোহনমালা ৷ যাৰ নামেই কঢ়িয়াই ফুৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ প্ৰয়াসৰ বহু অলিখিত ইতিহাস ৷ সদ্যবিদায়ী এই মোহনমালাক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

মোহনমালা!  মাত্ৰ এজনী হাতীৰ নাম নহয়, মোহনমালা আছিল কাজিৰঙা অভয়াৰণ্যৰ বহু অলিখিত ঘটনা-পৰিঘটনাৰ জীৱন্ত দলিল স্বৰূপ,  যিয়ে নিজৰ বুকুত বহন কৰিছিল কাজিৰঙাৰ  বছৰজোৰা ইতিহাস আৰু অপ্ৰকাশিত দুখৰ বোজা ৷ বনকৰ্মী বা মাউতৰ সুৰক্ষাৰ বাবে মোহনমালাই কেতিয়াবা খঙাল গঁড়ক ফেপেৰি পাতি ধৰিছিল, কেতিয়াবা উন্মাদ হাতীৰ পৰা  মাউতৰ প্ৰাণ ৰক্ষা কৰি আনিছিল ৷ 

মোহনমালা নাছিল ক’ত! উদ্যানৰ বহু সৰু-ডাঙৰ চোৰাংচিকাৰী বিৰোধী  অভিযান, বানপানীৰ সময়ত উদ্ধাৰ অভিযান, কেতিয়াবা বনকৰ্মীক পিঠিত তুলি অৰণ্যৰ দুৰ্গম অঞ্চললৈ যাত্ৰা, নাইবা কেতিয়াবা কোনো দেশী-বিদেশী পৰ্যটকক পিঠিত লৈ উদ্যানৰ শোভা দেখুৱাবলৈ নিয়া, এই সকলো কামত আগৰণুৱা আছিল মোহনমালা।

ujjd

অইন হাতীতকৈ মোহনমালা আছিল অন্য় এক ক্ষমতা। বানপানীৰ সময়ত সোঁতৰ বিপৰীতে সাতুঁৰাত পাকৈত আছিল মোহনমালা। বহু প্ৰতিকূল পৰিস্থিতিত কৰ্তব্য পালন কৰা মোহনমালা কাজিৰঙাৰ সাহসৰ প্ৰতীক হিচাপে জনাজাত। উদ্যান কৰ্তৃপক্ষৰ আটাইতকৈ বিশ্বাসী আৰু নিৰ্ভৰযোগ্য হস্তিনী  আছিল মোহমালা। 

শেহতীয়াকৈ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ পৰা হেৰাই গ'ল মোহনমালা । এই বিয়োগত ম্ৰিয়মাণ জাগীৰোডৰ সমীপৰ পুৰণি আঢ্যৱন্ত বৰকুলৈৰ নেওগ পৰিয়াল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ অন্যতম চিনাকি আৰু প্ৰিয় বিভাগীয় হাতী কহৰা ৰেঞ্জৰ মোহনমালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।  উল্লেখ কৰা প্ৰয়োজন যে, মৃত্যুৰ সময়ত মোহমালাৰ বয়স আছিল আনুমানিক ৭০-৮০ বছৰ।

ijj

চিচিএফ দুৰ্গা প্ৰসাদ নেওগৰ কাৰ্যকালত কামৰূপৰ পৰা ক্ৰয় কৰা হাতীজনী ১৯৭০ চনৰ ১৭ মে’ত  কাজিৰঙালৈ অনা হৈছিল।  যোৱা পাঁচ দশকত মোহনমালাই ব্যতিক্ৰমী নিষ্ঠাৰে উদ্যানখনৰ সেৱা আগবঢ়াইছিল।  কাজিৰঙাৰ সংৰক্ষণ ইতিহাসৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল মোহমালা।

নিৰ্ভীকতা, আজ্ঞাকাৰীতা আৰু নম্ৰ স্বভাৱৰ বাবে পৰিচিত মোহনমালা আছিল এগৰাকী উৎকৃষ্ট সাঁতোৰবিদ আৰু প্ৰত্যাহ্বানমূলক বানপানীৰ সময়ত এগৰাকী নিৰ্ভৰযোগ্য সংগী।  যি সময়ত বন ফ্ৰণ্টলাইনৰ কৰ্মচাৰীয়েও নাৱেৰে নিজৰ শিবিৰত উপনীত হ’ব নোৱাৰিলে বা টহলদাৰী কৰ্তব্যত আগবাঢ়িব নোৱাৰিলে, তেতিয়া মোহনমালাইহে তেওঁলোকক পিঠিত লৈ গৈছিল।

মোহনমালাই কাজিৰঙাৰ বিভিন্ন ৰেঞ্জত সেৱা আগবঢ়াইছিল আৰু চোৰাং চিকাৰ বিৰোধী অভিযানত সক্ৰিয় ভূমিকা পালন কৰিছিল, নিৰ্ভয়ে অতি কঠিন ভূখণ্ড আৰু পৰিস্থিতিত কৰ্মচাৰীসকলক সহায় কৰিছিল।   ২০০৩ চনত মোহনমালাই সক্ৰিয় বিভাগীয় কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

মোহনমালাৰ মৃত্যুৰ লগে লগে কৰিৰঙা ৰাষ্ট্ৰীয় উদ্যানে হেৰুৱাইছে কেৱল এজন কৰ্মৰত সদস্যই নহয়, এজন বিশ্বাসযোগ্য সহকৰ্মী, বানপানীৰ সময়ৰ ত্ৰাণকৰ্তা, আৰু আনুগত্য আৰু তাইৰ দশক দশক ধৰি কৰা সেৱা উদ্যানখনৰ ইতিহাসত খোদিত হৈ থাকিব, আৰু তাইৰ অনুপস্থিতি তাইৰ কাষত কাম কৰা সকলোৱে গভীৰভাৱে অনুভৱ কৰিব।

mhhd

মোহনমালা কিমান সততাৰে কাম কৰিছিল এই ঘটনাৰ পৰা উমান পাব পাৰি। শীতকালৰ এদিন পুৱা মোহনমালাৰ পিঠিত উঠি মাউত কিৰণ ৰাভাই মোহনমালাৰ পোৱালি মালতীৰ সৈতে মিহিবিল জলাশয়ৰ ওচৰত টহল দি থাকোঁতে নিস্তব্ধতা ভাঙি হঠাতে এটা বনৰীয়া হাতী ওলাই আহি তেওঁলোকৰ ফালে আক্ৰমণাত্মক ভংগীৰে চোঁচা ল’বলৈ উদ্যত হয় ৷

দ্ৰুতগতিত খঙাল বন্যহস্তীটোৱে মোহনমালাহঁতৰ একেবাৰে কাষলৈ আহি প্ৰচণ্ড চিঞৰ মাৰি এডাল ডাঙৰ গছ উভালি পেলায় ৷ বিপদৰ সেই উমান পাই তৎক্ষণাত মোহনমালাই নিজৰ মাউত কিৰণ ৰাভা আৰু পোৱালি মালতীৰ প্ৰতি আগতীয়া ভাবুকি অনুভৱ কৰি এটা নিৰ্ণায়ক পদক্ষেপ লয় । কোনো সংকোচ নকৰাকৈ তাই হঠাতে মিহিবিলৰ গভীৰ পানীত নামি সাঁতুৰিবলৈ ধৰে আৰু পোৱালি মালতীক পিছে পিছে যাবলৈ ইংগিত দিয়ে ৷

শক্তিশালী গতিৰে তাই মাউত ৰাভাক জলাশয়ৰ সিপাৰে নি তেওঁলোকৰ আৰু খঙাল বন্যহস্তীটোৰ মাজৰ নিৰাপদ দূৰত্বত অৱস্থান কৰে ৷ মাউত ৰাভাৰ নিৰাপদ নিশ্চিত কৰি তাই পোৱালিটোৰ সৈতে গভীৰ হাবিত অদৃশ্য হৈ পৰে । কেইবা সপ্তাহ ধৰি তাইৰ অৱস্থা জানিব পৰা হোৱা নাছিল । তাৰ পাছত এদিন মোহনমালা মালতীৰ সৈতে শান্ত আৰু অক্ষত অৱস্থাত নিজৰ শিবিৰলৈ উভতি আহে ৷

yhhs

কাজিৰঙাৰ এই মোহনমালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বৰকুলৈৰ প্ৰয়াত দুৰ্গাপ্ৰসাদ নেওগৰ পৰিয়ালে।পৰিয়ালটোৰ এজন সদস্য সমাজকৰ্মী দিব্যজিত নেওগে আবেগিক ভাবে কয় যে,  মোহন মালা আৰু নাই .... শৈশৱ কালত মোহন মালাৰ পিঠিত উঠি ঘুৰি ফুৰা এতিয়াও মনত পৰে... সকলোৰে প্ৰিয় আছিল হাতী মোহন মালা । জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰকুলৈ গাঁৱৰ বাসিন্দা মোৰ ককা স্বৰ্গীয় প্ৰিয়নাথ নেওগ দেৱৰ দিনৰে আছিল এই হাতী জনী। 

পৰৱৰ্তী পৰ্যায়ত যেতিয়া  ঘৰত হাতী ৰখা চৰকাৰে নিষিদ্ধ কৰি দিলে, তেতিয়া অৱসৰ প্ৰাপ্ত মুখ্য বন সংৰক্ষক ভাৰতীয় বন সেৱাৰ বিষয়া দুৰ্গা প্ৰসাদ নেওগে কাজিৰঙা অভয়াৰণ্যৰ বন বিভাগক হাতী জনীক চমজাই দিয়ে  । তেতিয়াৰে পৰা মোহন মালায় কাজিৰঙা অভয়াৰণ্যত হাতী চাফাৰী কামত কৰ্মৰত হৈ আছিল।

দেশ-বিদেশৰ পৰ্যটকক পিঠিত উঠাই কাজিৰঙা অভয়াৰণ্যৰ পৰিভ্ৰমণ কৰাইছিল। হাতী জনীৰ দুটা পোৱালিও আছিল। এটাক হাৰিয়ানালৈ পঠাই দিছিল আৰু এটা কত আছে গম নাপাওঁ। ৬০ বছৰ বয়সত মোহনমালাক অৱসৰ দিছিল বন বিভাগে । 

অৱশেষত বহু বছৰ ধৰি ৰোগত আক্ৰান্ত হৈ থকা মোহনমালা ১৪আগষ্ট, ২০২৫ৰ পুৱাৰ ভাগত মৃত্যু হয়। মৃত্যু হলেওঁ মোহনমালাৰ ৰ জীৱন পৰিক্ৰমাৰ প্ৰতিটো পল-অনুপলে যেন সদায়েই কাজিৰঙাৰ স্বৰ্ণিল ইতিহাসৰ অলিখিত বহু বৰ্ণিল সোঁৱৰণিৰ কথা ৰিঙিয়াই থাকিব...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান