অযোধ্যা ভূমি গোচৰৰ ৰায়দানক লৈ কি ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে…

অযোধ্যা ভূমি গোচৰৰ ৰায়দানক লৈ কি ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে…

ডিজিটেল ডেস্কঃ শতিকাজোৰা বিবাদৰ অন্ত পেলাই ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে অযোধ্যা ভূমি গোচৰক লৈ প্ৰদান কৰিলে ৰায়। দুয়োটা পক্ষই এই ৰায়ক লৈ ভিন্ন মন্তব্য প্ৰকাশ কৰিলেও সকলোৱে একেমুখে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাইছে। গোচৰটো নিষ্পত্তি হোৱাৰ পাছত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

মোহন ভাগৱতে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, ন্যায়ালয়ৰ ৰায় কোনো পক্ষৰ জয়-পৰাজয় নহয়। আমি ন্যায়ালয়ৰ এই নিৰ্দেশক আদৰণি জনাইছো। বিৰ্তকৰ অন্ত হওক, আমি তাকে বিচাৰিছো।' আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে লগতে কয়- আমি ন্যায়ালয়ৰ প্ৰদান কৰা ৰায়ৰ ওপৰত অধ্যয়ন চলাম। আমি কোনো মাটি বিচৰা নাছিল, বিচাৰিছিলো মন্দিৰ, অৱশেষত সেয়া আমি পালো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in