দেশ, জোৱান আৰু শ্বহীদক উদ্দেশ্যি কি ক’লে আৰএছএছ মুৰব্বী মোহন ভাগৱতে?

দেশ, জোৱান আৰু শ্বহীদক উদ্দেশ্যি কি ক’লে আৰএছএছ মুৰব্বী মোহন ভাগৱতে?

ডিজিটেল ডেস্কঃ নাগপুৰত বৃহস্পতিবাৰে আৰ এছ এছ মুৰব্বী মোহন ভাগৱতে এক অনুষ্ঠানত দেশ আৰু সেনা জোৱান সকলক লৈ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- 'যুদ্ধ হ'লে গোটেই সমাজখনেই যুঁজিব লাগে। সীমাত সৈনিকসকল যায় আৰু তাত সকলো বিপদৰ সন্মুখীন হয়। বিপদৰ সন্মুখত দৃঢ়তাৰে থিয় হোৱা তেওঁলোকৰ এই সাহস যেন কেতিয়াও কম নহওঁক। যদি কোনো এজন জোৱান শ্বহীদ হয়, তেন্তে তেওঁৰ পৰিয়ালৰ যাতে কোনো অভাৱ নহওঁক তাৰ চিন্তা সমাজ খনে কৰিব লাগে।'

লগতে আৰ এছ এছ মুৰব্বীগৰাকীয়ে সমগ্ৰ দেশবাসীক উদ্দেশ্যি কয়- 'ইয়াত যুদ্ধৰ পৰিৱেশ নাই, তথাপিও সংঘৰ্ষ হয়। আমি আমাৰ কাম সঠিকভাৱে কৰা নাই। সঠিকভাৱে কৰা হ'লে হয়তো যুদ্ধ নহয় আৰু যুদ্ধ নহ'লে কোনো জোৱান শ্বহীদো নহ'ব। কিন্তু জোৱান শ্বহীদ হয়। এইবোৰ ঠিক কৰিব লাগিব। দেশখনক সকলো দিশৰ পৰা ডাঙৰ কৰিব লাগিব আৰু দেশৰ বাবে জীয়াব শিকিব লাগিব।'

'এসময়ত দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ সময় আছিল, যেতিয়া দেশ স্বাধীন হোৱা নাছিল। কিন্তু এতিয়া স্বাধীনতাৰ পাছত দেশৰ বাবে কেৱল সীমাতহে প্ৰাণ আহুতি দিয়া হয় যেতিয়া যুদ্ধ হয়।'- নাগপুৰৰ অনুষ্ঠানটিত এনেদৰে মন্তব্য কৰে মোহন ভাগৱতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in