মোডীয়ে মাজুলীত লাভ কৰা শৰাই কোনে কিনিলে…

মোডীয়ে মাজুলীত লাভ কৰা শৰাই কোনে কিনিলে…

ডিজিটেল ডেস্কঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰিত্ব কালত অসমৰ পৰা উপহাৰ হিচাপে লাভ কৰা সামগ্ৰীসমূহ নিলাম কৰে। ১৮শতকৈ অধিক সামগ্ৰী নিলাম কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। যোৱা মাহত নিলামৰ জৰিয়তে মোডীয়ে বিক্ৰী কৰা সামগ্ৰীসমূহৰ ভিতৰত চৰ্চালৈ আহিছে এখন শৰাই। অসমত বিশেষভাৱে চৰ্চালাভ কৰা শৰাইখন বিক্ৰী কৰা হয় ১২ লাখ টকাত। এই শৰাইখন মোডীয়ে উপহাৰ হিচাপে লাভ কৰিছিল মাজুলীত।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সদৰী কৰা এক তথ্য অনুসৰি, ১০ লাখ টকাত শিৱৰ এটা ৫হাজাৰ টকীয়া মূৰ্তি, ১৩ লাখ টকাত এটা অশোক স্তম্ভৰ কাঠৰ প্ৰতিমূৰ্তি নিলাম কৰা হয়। ইফালে, কিছুমান সামগ্ৰী 'নেশ্যনেল গেলাৰী অৱ মৰ্ডাণ আৰ্ট'ত পোনপটীয়াকৈ বিক্ৰী কৰাৰ লগতে আন কিছুমান সামগ্ৰী বিক্ৰী কৰা হয় অনলাইন যোগে।

ইয়াৰ লগতে, ৫ লাখ টকাত বিক্ৰী কৰা হয় এটা ৰেল ষ্টেচনত মোডীৰ উপস্থিতিক লৈ অংকণ কৰা এখন পেইন্টিং। উল্লেখ্য যে, নিলামৰ জৰিয়তে সংগৃহীত ধন ৰাশি কন্যা শিশুৰ শিক্ষাৰ বাবে ব্যয় কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in