প্ৰায় ডেৰ বছৰৰ অন্তত মোডী-মমতাৰ সাক্ষাৎ…

প্ৰায় ডেৰ বছৰৰ অন্তত মোডী-মমতাৰ সাক্ষাৎ…

ডিজিটেল ডেস্কঃ প্ৰায় ডেৰ বছৰৰ মূৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাতৰ বাবে মঙলবাৰে দিল্লীলৈ ৰাওনা হ'ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাত কৰাৰ সময় বিচাৰি পূৰ্বেই আবেদন জনাইছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ত। কিন্তু পি এম অ'ৰ পৰা কোনো উত্তৰ লাভ নকৰাত অনিশ্চয়তা বৃদ্ধি পায় মমতা বেনাৰ্জীৰ দিল্লী ভ্ৰমণত। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা বুধবাৰে আবেলি ৪.৩০ বজাত সাক্ষাতৰ বাবে তেওঁক অনুমতি দিয়াত মঙলবাৰে দিল্লীত বাহৰ পাতি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে।

জানিব পৰা মতে, চলিত সপ্তাহতে বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। যাৰ পৰিপ্ৰেক্ষিতত সময়ৰ নাটনিৰ বাবে প্ৰথমতে মমতা বেনাৰ্জীক সাক্ষাতৰ অনুমতি প্ৰদান কৰা নাছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। কিন্তু পিছত বুধবাৰে আবেলি তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব পাৰিব বুলি জনোৱা হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা।

সূত্ৰৰ খবৰ অনুসৰি, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকালত ৰাজ্যৰ বকেয়া ঋণ আদায় দিয়া, উন্নয়ণমূলক প্ৰকল্পৰ কাম কাজত কেন্দ্ৰৰ সহযোগিতা বিচৰা আদি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰিব। আনহাতে পশ্চিম বংগত বিজেপি-তৃণমূল কংগ্ৰেছৰ মাজৰ সংঘাতৰ মাজত প্ৰায় ডেৰ বছৰৰ মূৰত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ বিষয়টো এতিয়া চৰ্চিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in