দেশৰ ১৬ কোটি পৰিয়ালক অচিৰেই মোডী চৰকাৰে দিব আন এক উপহাৰ!…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰলৈ শাসনৰ গাদী দখল কৰাৰ পাছত মোডী চৰকাৰে কেইবাখনো কল্যাণকামী আচনি ৰূপায়ন কৰা দিশত আগবাঢ়িছে। মোডী চৰকাৰৰ সাৰ্বজনিক বিতৰণ প্ৰণালীৰ যোগেদি অচিৰেই দেশৰ ১৬.৩ কোটি পৰিয়ালক এক কেজিকৈ চেনী প্ৰদান কৰাৰ সিদ্ধান্তগ্ৰহণ কৰিব পাৰে। এই আচনিৰ বাবে চৰকাৰৰ ব্যয় হ'ব প্ৰায় ৪,৭২৭ কোটি টকা।ইয়াৰ লগতে দেশত খাদ্য-শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবেও মোডী চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, বিগত সপ্তাহত মোডীমন্ত্ৰী সভাৰ প্ৰথমখন বৈঠকতে খাদ্য মন্ত্ৰনালয়ৰ বিশেষ ৰেহাই মূল্যত প্ৰতিতো পৰিয়ালক চেনী প্ৰদান কৰা প্ৰস্তাৱক লৈ আলোচনা হৈছিল যদিও কোনো ধৰণৰ সিদ্ধান্ত লোৱা নহ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in