শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

তৃণমূলৰ গুণ্ডাবাহিনীয়েহে ভাঙিছিল বিদ্যাসাগৰৰ প্ৰতিমূৰ্তিঃ নৰেন্দ্ৰ মোডী

183

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ মউত নিৰ্বাচনী প্ৰচাৰ চলাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰে কলকতাত অমিত শ্বাহৰ ৰেলীৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিত তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনী জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে মোডীয়ে।

আনহাতে জনসভাত প্ৰধানমন্ত্ৰী মোডীয়ে এছপি-বিএছপিৰ মিত্ৰজোঁটকো আক্ৰমণৰ লক্ষ্য কৰি লয়। মায়াৱতীয়ে পশ্চিমবংগৰ কাণ্ডক লৈ নৰেন্দ্ৰ মোডীক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি মোডীয়ে কয়, ‘মমতা দিদিয়ে বিহাৰ, উত্তৰ প্ৰদেশ, পূৰ্বাঞ্চলবাসীক বহিৰাগত বুলি কৈ ৰাজনীতি কৰি আহিছে। দিদিৰ এনে ৰাজনীতিৰ বাবে ভগ্নী মায়াবতীয়ে দিদিক দুই এটা কথা শুনাব বুলি ভাবিছিলো, পিছে সেয়া দেখা নগ’ল। বৰং মোকহে শুনালে।’

আনহাতে কলকতাৰ হিংসাত্মক পৰিস্থিতিত ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে। বিদ্যাসাগৰ কেৱল পশ্চিম বংগৰে নহয়, সমগ্ৰ দেশবাসীৰ বাবে মহান মণীষী বুলি মন্তব্য কৰে মোডীয়ে। তেওঁ কয়, ‘বিদ্যাসাগৰৰ দৰে এগৰাকী মহান দাৰ্শনিক, চিন্তাবিদৰ এনেদৰে অপমান কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। তৃণমূলৰ গুণ্ডাবাহিনীয়ে এনে কাণ্ড সংঘটিত কৰিছে। দোষীক বিচাৰি কঠোৰ শাস্তি বিহা উচিত।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি