সাৱধান! দিনৰ অধিক সময় ম’বাইল ব্যৱহাৰ কৰিলে চকুত হ’ব পাৰে এনেধৰণৰ ৰোগ…

সাৱধান! দিনৰ অধিক সময় ম’বাইল ব্যৱহাৰ কৰিলে চকুত হ’ব পাৰে এনেধৰণৰ ৰোগ…

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সকলোৰে হাতত থাকে একো একোটা এণ্ড্ৰইড ম'বাইল। আৰু দিনটোৰ অধিকাংশ সময় ব্যৱহাৰ কৰা হয় এই ম'বাইলটো। এসময়ত মানুহে দিনটোৰ মুঠ ১ বা ২ ঘণ্টা সময়হে ম'বাইল ব্যৱহাৰ কৰিছিল। কিন্তু আজিৰ এই আধুনিক যুগত ১ বা ২ ঘণ্টাহে দিনটোত কেৱল ম'বাইল ব্যৱহাৰ নকৰাকৈ থাকে প্ৰায় প্ৰতিজন ব্যক্তি।

আমি সকলোৱে জানো যে, প্ৰয়োজনতকৈ অধিক সময় ম'বাইল ব্যৱহাৰ কৰিলে বা ম'বাইলৰ স্ক্ৰীণত চাই থকাটো শৰীৰৰ বাবে হানিকাৰক। বিশেষকৈ চকুত ইয়াৰ কু-প্ৰভাৱ অধিক দেখিবলৈ পোৱা যায়। বহু লোকে দিনৰ অধিকাংশ সময় ম'বাইল ব্যৱহাৰ কৰাৰ ফলত কম-বেছি পৰিমাণে ইয়াৰ কুফল ভোগি আহিছে।

কিন্তু ম'বাইলৰ অধিক ব্যৱহাৰে যে আপোনাক কিমান ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন কৰাব পাৰে বা আপোনাৰ চকুত কিমান কু-প্ৰভাৱ পেলাব পাৰে সেয়া হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে। এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে স্ক্ৰীনৰ পোহৰ বঢ়াই দিনে-নিশাই মবাইল ব্যৱহাৰ কৰাৰ ফলত সন্মুখীন হৈছে এক ভয়ংকৰ পৰিস্থিতিৰ।

টাইৱানৰ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে দিনে-নিশাই ম'বাইল ব্যৱহাৰ কৰাৰ ফলত যুৱতীগৰাকীৰ দৃষ্টি শক্তি হ্ৰাস হোৱাৰ লগতে চকুৰ ক'ৰ্ণিয়াত ৫০০টা ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা সৃষ্টি হয়। 'ৱৰ্ল্ড অৱ বঞ্জ' নামৰ এক প্ৰতিষ্ঠানে জানিব দিয়া মতে, যুৱতীগৰাকীৰ পেচাই এনেধৰণৰ আছিল যে, তেওঁ দিনে-নিশাই ম'বাইলত মেছেজ, ফোনৰ উত্তৰ দিব লাগে। দিনতে হওঁক বা ৰাতিয়ে হওঁক, নিজৰ কৰ্মৰ সৈতে জড়িত যিকোনো মেছেজ-কলৰ উত্তৰ দিব লাগে যুৱতীগৰাকীয়ে।

উল্লেখ্য যে, ২০১৬চনৰ পৰা ২০১৮চনলৈ যুৱতীগৰাকীয়ে এই কৰ্মৰ সৈতে জড়িত থকাৰ পাছতেই চকুত বিষ অনুভৱ কৰিলে। কেবাগৰাকীও চকুৰ চিকিৎসকৰ পৰামৰ্শ লৈছিল যদিও প্ৰকৃত কথা জানিব পৰা নাছিল। সময়ৰ সৈতে যুৱতীগৰাকীৰ চকুৰ বিষ বৃদ্ধি হোৱাত অন্য এগৰাকী চকু চিকিৎসকক এই বিষয়ে জনায় আৰু তাৰপাছত পোহৰলৈ আহে প্ৰকৃত সত্য।

যুৱতীগৰাকীৰ ব্লাডশ্বট (চকুত থকা তেজৰ শিৰা)ত এই বিষ অনুভৱ কৰিছিল। তাৰ পাছত কেইটামান চকুৰ পৰীক্ষা কৰোৱাত চিকিৎসকে জনালে যে, তেওঁৰ চকুৰ কৰ্ণিয়াত সৃষ্টি হৈছে প্ৰায় ৫০০টাকৈ ফুটা। অৱশ্যে যুৱতীগৰাকীৰ চিকিৎসা বৰ্তমানেও অব্যাহত আছে। আধুনিক যুগত ম'বাইলৰ ব্যৱহাৰ কৰাতো বাধ্যতামূলক বুলি ক'লে ভুল নহয় যদিও, আমাৰ শৰীৰে ম'বাইলৰ স্ক্ৰীণত অনবৰতে চাই থাকিলে তাৰ পৰিণাম কি হ'ব পাৰে তাৰ উদাহৰণ টাইৱানৰ এই যুৱতীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in