কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিত চৰকাৰী উন্নয়নৰ কাম কাজ পৰিদৰ্শন পিএচিৰ ছয় জনীয়া বিধায়িনী দলৰ…

কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিত চৰকাৰী উন্নয়নৰ কাম কাজ পৰিদৰ্শন পিএচিৰ ছয় জনীয়া বিধায়িনী দলৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ ১, জুলাইঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমুহ বিটিআৰত সফলভাৱে ৰূপায়ণ হৈছে নে নাই তাক পৰ্যবেক্ষণ কৰিবলৈ অসম বিধানসভাৰ ছয় জনীয়া পাব্লিক একাউন্ট কমিটিৰ (পি এ চি ) বিধায়নীৰ দল এটি আজি কোকৰাঝাৰ জিলা পৰিদৰ্শন কৰে।

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টি, কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টি আৰু গোসাঁইগাঁও বিধানসভা সমষ্টিৰ প্ৰায় ২৮ টাকৈ চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লয় বিধায়িনীৰ দলটোৱে ।

উল্লেখ্য যে আজি পি এ চিৰ ছয়জনীয়া বিধায়িনী দলটিক নেতৃত্ব দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ওৱাজেদ আলি চৌধুৰীৱে ৷ দলটিত থকা আন সকল হ'ল পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাথ কলিতা, মংগলদৈৰ বিধায়ক বসন্ত দাস , দেৰগাঁওৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ ৱছিৰ আহমেদ আৰু ওদালগুৰীৰ বিধায়ক গোবিন্দ বসুমতাৰী ৷

আনহাতে দলটিক সমষ্টি অনুপাতে সংগ দিয়ে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোসাঁইগাওঁৰ বিধায়ক জিৰন বসুমতাৰী আৰু কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ৷

উল্লেখ্য যে, ছয় জনীয়া পি এ চিৰ বিধায়িনী দলটি প্ৰথমে কোকৰাঝাৰ জিলাৰ চম্পাৱৰ্তী জলসিঞ্চন প্ৰকল্পকে ধৰি ২৮ টা বিভিন্ন আঁচনিৰ বুজলৈ শেষত কোকৰাঝাৰ জিলাৰ জিলা উপাযুক্ত কাৰ্যালয়ত আঁচনিবোৰক লৈ এখন বৈঠকত মিলিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in