ট্ৰেক্টৰেৰে হাল বাই “শংকৰজ্যোতি কৃষিফাৰ্ম”ৰ শুভ উদ্বোধন বিধায়ক উৎপল বৰাৰঃ ৪২ বিঘা মাটিত ৰোপণ কৰিব উন্নত প্ৰজাতিৰ কুঁহিয়াৰ…

ট্ৰেক্টৰেৰে হাল বাই “শংকৰজ্যোতি কৃষিফাৰ্ম”ৰ শুভ উদ্বোধন বিধায়ক উৎপল বৰাৰঃ ৪২ বিঘা মাটিত ৰোপণ কৰিব উন্নত প্ৰজাতিৰ কুঁহিয়াৰ…

ডিজিটেল সংবাদ ছয়দুৱাৰ: কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ বাছি ল'বলৈ আগবাঢ়ি আহিছে গহপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ একাংশ যুৱক। অঞ্চলটোৰ বৰঙাবাৰী,আমতলা, ডিপৰা,হেলেম, নলনীবাৰী, টকৌবাৰী, গমিৰি, কাউৰীপথাৰ আদি অঞ্চলৰ একাংশ কৰ্ম উদ্যোগী যুৱকে আমতলাত মুঠ ৪২ বিঘা মাটিত উন্নত প্ৰজাতিৰ কুঁহিয়াৰ খেতি কৰিবলৈ আজিৰে পৰা হাতে-কামে আগবাঢ়ি আহিছে।কৰ্ম উদ্যোগী উক্ত যুৱকসকলে এই কুঁহিয়াৰ খেতি কৰাৰ বাবে "শংকৰজ্যোতি কৃষি ফাৰ্ম" নামেৰে এটা গোট গঠন কৰি আজিৰে পৰা কুঁহিয়াৰ খেতিৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

সেই অনুসৰি শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত নিজেই ট্ৰেক্টৰেৰে মাটি চহাই উক্ত কৃষি ফাৰ্মখনৰ শুভ উদ্বোধন কৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই। উদ্বোধনী ভাষণত বিধায়ক উৎপল বৰাই কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰ্ম উদ্যোগী যুৱক-যুৱতীসকলক বহুমুখী কৃষি ফাৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। গহপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ বহুমুখী কৃষি ফাৰ্ম খোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি বিধায়ক উৎপল বৰাই কয় যে প্ৰাৰম্ভিক পৰ্য্যায়ত মৎস্য পালনৰ বাবে ইতিমধ্যে কেইবাখনো আঁচনি মঞ্জুৰ কৰা হৈছে।

কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি ল'ব পৰা যায় বুলি উল্লেখ কৰি বিধায়ক উৎপল বৰাই কয় যে, শিক্ষিত যুৱক-যুৱতীসকল চাকৰিমুখী হোৱাটো স্বাভাৱিক।কিন্তু চাকৰি নোপোৱালৈকে বিভিন্ন কৃষি কৰ্ম, ক্ষুদ্ৰ উদ্যোগ, মৎস্য পালন আদিৰ জৰিয়তে Self Employmentৰ ব্যৱস্থা কৰিব পৰা যায়।গহপুৰ সমষ্টিৰ ৩৪ খন পঞ্চায়ততে সমবায় ভিত্তিত কৃষিকৰ্ম কৰাৰ পৰিবেশ গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰি বিধায়ক উৎপল বৰাই কয় যে কৃষি কৰ্ম বা মৎস্য পালনৰ বাবে আগবাঢ়ি অহা প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নাকৰ উৰনি গুছাই সেৱাৰ মানসিকতাৰে কৰ্মৰ প্ৰতি আগবাঢ়ি আহিব লাগিব।

প্ৰথমতেই লাভাংশৰ মানসিকতা লৈ আগবাঢ়ি আহিব খোজা যুৱক-যুৱতীসকলে কৃষি কৰ্মৰ প্ৰতি আগবাঢ়ি নহাই ভাল বুলি তেওঁ ভাষণত উল্লেখ কৰে। আমতলাত নতুনকৈ গঢ় লৈ উঠা এই "শংকৰজ্যোতি কৃষি ফাৰ্ম"খনে বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত এক কৃষি বিপ্লৱৰ সূচনা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাষণৰ শেষত বিধায়ক উৎপল বৰাই নিজেই ট্ৰেক্টৰেৰে মাটি চহাই যুৱক সকলক উৎসাহিত কৰে। শংকৰজ্যোতি কৃষি ফাৰ্ম খনক বিশেষ ভাবে নেতৃত্ব দিয়া স্থানীয় যুৱক তথা হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে উক্ত ৪২ বিঘা মাটিত প্ৰথম পৰ্য্যায়ত "বাবুলাল" আৰু "ফাৰ্মাৰ" প্ৰজাতিৰ উন্নত মানৰ কুঁহিয়াৰ ৰোপণ কৰা হ'ব।

এই কুঁহিয়াৰ ৰোপনৰ কাম এমাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। পৰবৰ্তী সময়ত বিভিন্ন খেতি কৰা হ'ব উক্ত কৃষি ফাৰ্মত। আজিৰ উক্ত অনুষ্ঠানত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাস, বিশ্বনাথ জিলা বিজেপিৰ উপ-সভাপতি নোমল বৰুৱাৰ লগতে শংকৰজ্যোতি কৃষি ফাৰ্মৰ সদস্য বৃন্দ ক্ৰমে মাধুৰ্য্য বৰুৱা, ৰাজু বৰা, খগেন বৰুৱা, জিতুল বৰা,প্ৰদীপ সন্দিকৈ, চম্পক বৰুৱা, ৰাজেন দাহাল,ৰত্ন বস্নেত,ছাহজামাল আনচাৰী,বীৰেণ বৰুৱা, বিমান ঘোচ,কম্বেশ্বৰ পগাগ আদি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in