#MeToo.. ভাৰতলৈ উভতিল কেন্দ্ৰীয় মন্ত্ৰী আকবৰ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে তেওঁৰ বিদেশ ভ্ৰমণ সম্পূৰ্ণ কৰি দেওবাৰে স্বদেশলৈ উভতি আহে। ভাৰত উভতাৰ পিছতে সংবাদিকে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বিষয়ে তেওঁক প্ৰশ্ন কৰাত ইয়াৰ উত্তৰ তেওঁ পৰৱৰ্তী সময়ত প্ৰদান কৰিব বুলি মন্তব্য কৰে।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেওবাৰে পুৱা উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে নিজৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাই উত্থাপিত কৰা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হয়।

আনহাতে, বিগত সপ্তাহত কেন্দ্ৰীয় শিশু আৰু মহিলা বিকাশ মন্ত্ৰণালয়ে #MeTooৰ জৰিয়তে সাঙোৰ খই পৰা সকলো অভিযোগৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু আইনবিদসকলক সদস্যভূক্ত কৰি এখন কমিটি গঠন কৰে। এই কমিটিখনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমেূহৰো তদন্ত কৰিব।

উল্লেখ্য যে, #MeToo অভিযানৰ জৰিয়তে আমেৰিকান মহিলা সাংবাদিকসহ ১০গৰাকী মহিলা সাংবাদিকে প্ৰাক্তন সংবাদিক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগ উত্থাপিত হোৱাৰ পিছতে সমগ্ৰ দেশজুৰি আকবৰৰ পদত্যাগৰ দাবী জনাই কংগ্ৰেছসহ কেইবাটাও ৰাজনৈতিক-অৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে আকবৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগে বিজেপিৰ ভিতৰচৰাতো খলকনিৰ সৃষ্টি কৰে।

আকবৰে তেওঁৰ নাইজেৰিয়া ভ্ৰমণ আধাতে সামৰি দেশলৈ উভতি অহাৰ কথা আছিল যদিও পিছত তেওঁ সেই ভ্ৰমণ কাৰ্যসূচী সম্পূৰ্ণ কৰি দেওবাৰে উভতি আহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in