শেহতীয়া খবৰ
পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.  •  নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা...  •  লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত ১  •  'ৰুদ্ৰশিখা'ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ...VIDEO  •  হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী...  •  কৰ্ণাটকত ভূমিস্খলন, নিহত ৩ শ্ৰমিক...  •  চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  টিহুত ‘কেব’ৰ বিৰোধিতাৰে আছুৰ “মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা” কাৰ্যসূচী... VIDEO  •  ৰোষত নেতা-মন্ত্ৰীঃ দৌৰি বাচিল মন্ত্ৰী ফণীভূষণ, হাতযোৰ কৰি নিমাতে ৰ’ল ৰামেশ্বৰ তেলী, দিলীপ পাটগিৰীৰ গাড়ীতেই লগালে পোষ্টাৰ... VIDEO  •  মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ভৈৰৱকুণ্ডত স্বচ্ছতাৰ সজাগতা সভা...

মানুহ নে অসুৰ! হৰিণা নহয়, হাতীৰ মাংসৰে পাতিলে বৰভোজ…

1,435

ডিজিটেল ডেস্কঃ ৰাজ্যৰ পৰা হাতী বহিঃৰাজ্যলৈ চালান হোৱা সন্দৰ্ভত ধাৰাবাহিক খবৰ প্ৰকাশ পোৱাৰ পাছতেই আহিছে আন এক আচৰ্যজনক খবৰ অসমৰ পৰা নিয়া এজনী ৪৭ বছৰীয়া হাতীৰ মৃত্যু হোৱাৰ পাছতেই হাতী মাংসৰ মিজোৰামত একাংশ লোকে খোৱাৰ ঘটনা পোহৰলৈ আহিছে।

স্থানীয় সংবাদমাধ্যমৰ সূত্ৰত প্ৰকাশ পোৱা মতে, মিজোৰামৰ কানমুন ফৰেষ্ট ৰেঞ্জৰ কোৱাস্থা সংমণ্ডলত আছিল এই হাতীজনীৰ। এসপ্তাহৰ পূৰ্বে হাতীজনীৰ মৃত্যু হোৱাৰ পাছত মৃত হাতীজনীক পুতি থোৱাৰ বিপৰীতে শতাধিক লোকে হাতীজনীৰ মাংস ভক্ষণ কৰে।

স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, হাতীজনীৰ গৰাকী আছিল কাছাৰৰ সোণাইৰ মঃ মুস্তাফা আহমেদ লস্কৰ। তেওঁ হাতীজনীক লীজত দিছিল মিজোৰামৰ কানমুনৰ পু খুৱালহিনা নামৰ ব্যক্তিগৰাকীক। হৃদৰোগত আক্ৰান্ত হৈ হাতীজনীৰ মৃত্যু হোৱাৰ পাছতেই একাংশ ৰাইজে মিলি হাতীৰ মাংস কাটি ভোজ-ভাত খায়।

অসমৰ পৰা নিয়া এই ঘৰচীয়া হাতীজনীক মিজোৰামত কাটি ৰাজহুৱাকৈ খোৱা কাৰ্যই বন্যপ্ৰেমীকো আঁচৰিত কৰি তুলিছে। উল্লেখযোগ্য যে, এই হাতীজনীৰ নাম আছিল লক্ষ্মী। এই সন্দৰ্ভত বাংগালুৰুৰ এজন বন্যপ্ৰেমীয়ে বন আৰু পৰিৱেশ মন্ত্ৰণালয়ক অভিযোগো দাখিল কৰিছে।

সুপৰ্ণা গাংগুলী নামৰ বন্যপ্ৰেমীগৰাকীয়ে ঘৰচীয়া হাতীক অত্যাধিক বোজা দিয়াৰ ফলতেই মৃত্যু হোৱা সন্দৰ্ভত পূৰ্বতেও উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰি থৈছিল। লক্ষণীয় যে, এই ঘটনা ৰাজহুৱাকৈ হোৱাৰ পাছতো মিজোৰামৰ বন বিভাগে হস্তীৰ মাংস ভক্ষণ কৰা সকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই।

ইফালে, মিজোৰামত কাঠ টানিবলৈ ব্যৱহাৰ কৰা এই হাতীজনীক প্ৰকৃত মালিকে লীজত দিবলৈ অসমৰ বন বিভাগৰ পৰা কোনো অনুমতি লোৱা নাই বুলিও জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি