Published on:
Updated on:
- নতুন দিল্লীত মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাংগা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সমাপ্ত।
- বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰাৰ লগতে বিষয়াবৰ্গসকল।
- মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাংগাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- "অতীতৰ মধুৰ সু-সম্পৰ্ক আৰু ঐতিহাসিক পৰম্পৰাক আগুৱাই অসম আৰু মিজোৰাম বন্ধুত্বপুৰ্ণ সম্পৰ্কৰে আগুৱাই যাব "
- উল্লেখ্য যে, নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে শুকুৰবাৰে আলোচনাত বহিব দুয়োজন মুখ্যমন্ত্ৰী।
- হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া- " মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাংগা আৰু মই দুয়োজন পুৰণি বন্ধু "
- আজি আমি একেলগে নৈশ আহাৰ গ্ৰহণ কৰিলো।
- শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আমি আলোচনাত বহিম।
- কবি সনন্ত তাঁতীৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো।
- পৰিয়ালৰ লগতে মই অসমবাসীৰ শোকৰ সমভাগী হৈছো।
- অসম ভৱন কৰ্তৃপক্ষক তেখেতৰ নশ্বৰ দেহ অসমলৈ অনাৰ ব্যৱস্থা কৰিবলৈ যাৱতীয় নিৰ্দেশ দিছো।
Code:
Asomiya Pratidin
www.asomiyapratidin.in