মিচিং আৰ্টিষ্ট এচ’চিয়েছনৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰথম অধিৱেশনৰ প্ৰস্তুতি তুংগত…

মিচিং আৰ্টিষ্ট এচ’চিয়েছনৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰথম অধিৱেশনৰ প্ৰস্তুতি তুংগত…

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং আৰ্টিষ্ট এচ'চিয়েছনৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনখনি অহা-১৪ আৰু ১৫ আগষ্টত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।ঢকুৱাখনাৰ বিলমুখ অঞ্চলৰ ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজৰ খেলপথাৰত ইয়াৰ প্ৰস্তুতি তুংগত উঠিছে।

মিচিং আৰ্টিষ্ট এচ'চিয়েছনৰ ঢকুৱাখানা জিলা সমিতিৰ সাধাৰণ সম্পাদক-অভিনৱ দলেয়ে জনোৱামতে-এই অধিৱেশনত অসম,অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক শিল্পী, কলা-কৌশলী,সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব।অন্যহাতে দ্বিতীয় দিনা-পুৱা মিচিং সংগীত শিল্পী আৰু অভিনয় শিল্পীসকলৰ মাজত এখন আকৰ্ষণীয় প্ৰীতি ক্ৰিকেট খেলো অনুষ্ঠিত হ'ব।

এই অধিৱেশনৰ মুকলি সভাত-সদৌ মিচিং ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক-পদ্মলোচন দলে, আৰু এম,এ,চি'ৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাঙকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in