‘আহক মুখামুখী আমাৰ লগত চেলেঞ্জ কৰক’, কাক ক’লে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই, VIDEO

‘আহক মুখামুখী আমাৰ লগত চেলেঞ্জ কৰক’, কাক ক’লে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত বৃহস্পতিবাৰৰ সন্ধিয়া ৫ঃ৩০ মান বজাত বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলি মহিলাৰীৰ গাড়ীত শিলগুটিৰে আক্ৰমণ কৰাৰ পিছত শুকুৰবাৰে বিপিএফে শান্তি সমদল বাহিৰ কৰে। কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ পৰা আৰম্ভ হোৱা শান্তি সমদলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেবা শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

হাতে হাতে বেনাৰ ফেষ্টুন, প্লে-কাৰ্ড লৈ শান্তি সমদলত অংশগ্ৰহণ কৰা মহিলাসকলে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব, বিচ্ছিন্নতাবাদী নিপাত যাওঁক, আমাক ন্যায় লাগে আদি ইত্যাদি শ্লোগান দিয়ে।

ইপিনে সমদলথলীত উপস্থিত হৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলি মহিলাৰীক আক্ৰমণ কৰা ঘটনা অপৰাধমুলক কাৰ্য বুলি মন্তব্য কৰি আক্ৰমণকাৰীক কাপুৰুষ আখ্যা দিয়ে।

আক্ৰমণকাৰীক সাৱধানবাণী শুনাই মন্ত্ৰী ব্ৰহ্মই আহক, মুখামুখী চেলেঞ্জ কৰো বুলি মন্তব্য কৰি দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in