শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

চীনৰ পৰা পিপিই কিট ক্ৰয়ৰ নামত অসম চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ নস্যাত মন্ত্ৰী পীযুষ হাজৰিকাৰ…

ডিজিটেল সংবাদ দিছপুৰঃ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি কাৰ্বি আংলঙৰ ডিফু চহৰত এখন সংবাদমেল সম্বোধন কৰি বিগত কোভিডৰ সময়ত ৰাজ্য চৰকাৰে চীন দেশৰপৰা ‘পিপিই কিট’ ক্ৰয়ৰ নামত দুৰ্নীতি কৰা বুলি উত্থাপিত হোৱা অভিযোগ নস্যাত কৰি এনে অভিযোগ মনেসজা, অভিসন্ধিমূলক আৰু দুষ্ট প্ৰকৃতিৰ বুলি উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, কোভিড আৰম্ভ হোৱা সময়খিনিত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰী থকাৰ বিপৰীতে তেওঁ নিজে আছিল স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী । সেইখিনি সময়ত ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীতে ‘পিপিই কিট’ৰ অভাৱ আছিল ।

অসম চৰকাৰে যেনে তেনে দুই এক স্থানৰ পৰা ‘পিপিই কিট’ কিনি কাম চলাবলৈ বাধ্য হৈছিল । আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰিকাই নিজেও চাৰ্টাড বিমান লৈ দিল্লীৰ পৰা পিপিই কিট আনিবলৈ গৈছিল । তেনে সময়তে এটা ব্যৱসায়িক প্ৰতিস্থানে চীন দেশৰপৰা ‘পিপিই কিট’ আনি দিব পাৰিব বুলি ঘোষণা কৰে ।

যি সময়ত বিশ্বৰ সমগ্ৰ মানৱ জাতি ঘৰৰ ভিতৰত সোমাই আছিল তেনে সময়তে কেইগৰাকীমান ভাৰতীয় বিমান পৰিচালকে সাহস কৰি চীন দেশৰপৰা অসমলৈ পিপিই কিট কঢ়িয়াই আনিছিল । বিমান পৰিচালক কেইগৰাকীৰ এনে সাহসী কামক সন্মান জনাবলৈকে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই বিমানবন্দৰলৈ গৈ বিমান পৰিচালক কেইগৰাকীক কৃতজ্ঞতা জনাইছিল ।

কিন্তু পৰৱৰ্তী সময়ত বহুতে সামাজিক মাধ্যমৰ জৰিয়তে চীনদেশত প্ৰস্তুত পিপিই কিটৰ মানৰ ওপৰত প্ৰশ্ন কৰাত অসম চৰকাৰে এই পিপিই কিট সমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় । কোভিডৰ সময়ত ভগৱানতকৈও ওপৰত স্থান পোৱা চিকিৎসাকৰ্মীসকলৰ মনোবল যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ ৰাখিয়েই অসম চৰকাৰে চীনদেশৰ পৰা অনা পিপিই কিটসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় ।

তাৰোপৰি তেতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰততে পিপিই কিট প্ৰস্তুত কৰিব পৰা হৈছিল আৰু অসমেও যথেষ্টসংখ্যক পিপিই কিট লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে কয় । যিখিনি সময়ত অসম চৰকাৰৰ কোনেও চীনদেশৰপৰা অনা পিপিই কিট গ্ৰহণেই কৰা নাছিল তেনে সময়ত চীনৰ পৰা পিপিই কিট কিনাৰ নামত চৰকাৰে দুৰ্নীতি কৰা বুলি অভিযোগ আনি বাতৰি প্ৰকাশ কৰাটো মনেসজা, অভিসন্ধিমূলক আৰু দুষ্ট প্ৰকৃতিৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এনে বাতৰিৰ জৰিয়তে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিডৰ সময়খিনিত প্ৰায় চাৰিমাহ সময় জনসাধাৰণৰ স্বাৰ্থত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, যিটো সময়ত সকলো ঘৰৰ ভিতৰত সোমাই আছিল সেই সময়খিনিত হিমন্ত বিশ্ব শৰ্মাই মাথো দুঘণ্টাৰ বাবেহে শুবলৈ সময় পাইছিল । এনে অৱস্থাত চীনদেশৰপৰা পিপিই কিট কিনাৰ নামত ড° হিমন্ত বিশ্ব শৰ্মাৰ বিভাগে দূৰ্নীতি কৰা বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণ অসত্য আৰু মনেসজা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।