গাইনদী আৰু জীয়াঢলৰ বানত ক্ষতিগ্ৰস্ত মথাউৰি-গাঁও পৰিদৰ্শন মন্ত্ৰী যোগেন মোহনৰ…

গাইনদী আৰু জীয়াঢলৰ বানত ক্ষতিগ্ৰস্ত মথাউৰি-গাঁও পৰিদৰ্শন মন্ত্ৰী যোগেন মোহনৰ…

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্যৰ পৰিদৰ্শন ৰাজহ, দুৰ্যোগ প্ৰশমন, গড়কাপ্তানি (স্বতন্ত্ৰ) বিভাগৰ মন্ত্ৰী যোগেন মোহনে বানবিধ্বস্ত গাইনদী আৰু জীয়াঢল অঞ্চল বুধবাৰে পৰিদৰ্শন কৰে৷ আৰম্ভণিতে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ সৈতে গাইনদীৰ চিঙা মথাউৰি অংশ পৰিদৰ্শন কৰি শেহতীয়া বানত ক্ষতিগ্ৰস্ত মথাউৰি আৰু কাষৰীয়া গাওঁসমূহৰ অৱস্থাৰ বিষয়ে বুজ লয়৷

গাইনদীৰ বানবিদ্স স্ত অঞ্চল পৰিদৰ্শন পিছতেই মন্ত্ৰীগৰাকীয়ে ধেমাজি আৱৰ্ত ভৱনলৈ আহি ধেমাজি জিলা প্ৰশাসন, বিধায়ক ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়৷ আগন্তুক দিনত ল'ব লগা আঁচনিসমূহৰ বিষয়ে অৱগত কৰা পিছতেই সংবাদ মাধ্যমৰ আগত বানত ক্ষতিগ্ৰস্ত ধেমাজিৰ ৪ টাকৈ স্থানৰ বাবে প্ৰায় ১৭ কোটি টকাৰ আঁচনি অনুমোদন হৈ বুলি জানিবলৈ দিয়ে ৷

ধেমাজি জিলাখনৰ গাইনদী, জীয়াঢল আৰু চেঙাজানত ৰূপায়ণ আগুন্তুুক দিনত আঁচনিকেইটা কাৰ্যত ৰূপায়ন হ'লে ধেমাজিৰ বান পৰিস্থিতি কিছু হ্ৰাস পাব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে৷ ধেমাজি জিলাখনৰ সৈতে আলোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে জীয়াধলৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ বুজ লৈ লখিমপুৰলৈ দিশে যাত্ৰা কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in