নিৰ্বাচনী অধিসূচনা জাৰি হ’বলৈ কেইদিনমান বাকী থাকোতে বােকাখাতত মন্ত্রী অতুল বৰাৰ ব্যাপক আধাৰশিলা স্থাপন অভিযান…

নিৰ্বাচনী অধিসূচনা জাৰি হ’বলৈ কেইদিনমান বাকী থাকোতে বােকাখাতত মন্ত্রী অতুল বৰাৰ ব্যাপক আধাৰশিলা স্থাপন অভিযান…

ডিজিটেল সংবাদ, বোকাখাতঃ নিৰ্বাচনী অধিসূচনা জাৰী হ'বলৈ মাত্ৰ কেইদিনমান বাকী থাকোতে অসম চৰকাৰৰ কৃষি-পশুপালন ও পশু-চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বােকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই মঙলবাৰে বোকাখাতত আৰ.আই.ডি.এফ আঁচনিৰ অধীনত নির্মাণ সম্পূৰ্ণ হােৱা তিনিখনকৈ পকী দলং ক্রমে ২১০.৮১৬ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হােৱা ২৪.৭৫ মিটাৰ দৈর্ঘৰ কাজিৰঙা লুখুৰাখনীয়া আলিৰ পকী দলং, ১৩১.৬৯৭ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হােৱা ১২.৫০ মিটাৰ দৈর্ঘৰ বোকাখাত গড়মুৰ আলিৰ পকী দলং আৰু ১৩৫.৯২৮ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হােৱা ১৮.৭৫ মিটাৰ দৈৰ্ঘ্যৰ কচুপথাৰ-তামুলিপথাৰ আলিৰ পকী দলঙৰ উদ্বোধন কৰে।

ইয়াৰ লগতে কৃষিমন্ত্রী তথা বিধায়ক অতুল বৰাই মঙলবাৰে ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন (গ্রামীন) আঁচনিৰ অধীনত ৫৬.৯১৫ লাখ টকাৰ ব্যয় সাপেক্ষে কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বগৰীজুৰিলৈকে নির্মাণ হ'বলগীয়া ০.৭০০ মিটাৰ দৈৰ্ঘ্যৰ পথ, ২২৮.৩৩৭ লাখ টকাৰ ব্যয় সাপেক্ষে অগৰাতলী পথৰ পৰা ভলুকাগুৰিলৈকে নির্মাণ হ'বলগীয়া ১.৩৫০ মিটাৰ দৈৰ্ঘ্যৰ পথ, ৪৩০.১৫৮ লাখ টকাৰ ব্যয় সাপেক্ষে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা অগৰাতলীলৈকে নির্মাণ হ'বলগীয়া ২,৫১০ মিটাৰ দৈর্ঘ্যৰ পকী পথ, ৮২.৭৪২ লাখ টকাৰ ব্যয় সাপেক্ষে কৈলাখাটৰ পৰা ডিফলু গ্রাণ্টলৈকে নির্মাণ হ'বলগীয়া ০.৯৩০ মিটাৰ দৈৰ্ঘৰ পকী পথ, ১২৭.৯৩৯ লাখ টকাৰ ব্যয় সাপেক্ষে বালিজানৰ পৰা পৰা ডিফলু গ্রাণ্টলৈকে নির্মাণ হ'বলগীয়া ১.৪৮০ মিটাৰ দৈৰ্ঘ্যৰ পথ, ৬৮.২২৭ লাখ টকাৰ ব্যয় সাপেক্ষে যোগীগাঁৱৰ পৰা ম'হমাইকী গাঁৱলৈকে নির্মাণ হ'বলগীয়া ১.০২০ মিটাৰ দৈৰ্ঘ্যৰ পথ, ৭৮.৭৮৭ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া ০.৬২০ মিটাৰ দৈর্ঘ্যৰ মৃদুল বৰুৱা পথ, ১৮৬.৯৮৭ লাখ টকাৰ ব্যয় সাপেক্ষে ধোদাং আলিৰ পৰা বচাপথাৰলৈকে নির্মাণ হ'বলগীয়া ২.২০০ মিটাৰ দৈৰ্ঘ্যৰ পথ, ৫৭.৬৪০ লাখ টকাৰ ব্যয় সাপেক্ষে জয়হিন্দ আলিৰ ০.৭০০ মিটাৰৰ পথৰ সম্প্ৰসাৰণ, ৫৫.৮৭৫ লাখ টকাৰ ব্যয় সাপেক্ষে ১.০২০ মিটাৰ দৈর্ঘ্যৰ ওপৰ টেমেৰা গৰৈমাৰি আলি আৰু ১৩৫.৩৪২ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া ১.৫৩০ মিটাৰ দৈৰ্ঘ্যৰ তিনিচুকী নাচনিপাৰ গাওঁ আলিৰ আধাৰশিলা স্থাপন কৰে ।

আনহাতে, বাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়নৰ অধীনত ৯৫.০২০ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া ০.৯৪০ মিটাৰ দৈৰ্ঘ্যৰ বানৱাৰীপুৰ বাগান পথ, ৯২.৫৯৯ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া ১.০২০ মিটাৰ দৈর্ঘ্য বােকাখাত বাগিচা পথ, ১০১.৯০৯ লাখ টকাৰ ব্যয় সাপেক্ষে ৩৭ নং ৰাষ্ট্রীয় ঘাই পথৰ পৰা আনন্দপুৰ চাহবাগিচালৈকে নির্মাণ হ'বলগীয়া ০.৬৭২ মিটাৰ দৈৰ্ঘ্যৰ পথ, ১০০.০০০ লাখ টকাৰ ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বগৰিজুৰি গাওঁলৈকে নির্মাণ হ'বলগীয়া ०.৭০০ মিটাৰ দৈর্ঘ্যৰ পথ আৰু ১০০.০০০ লাখ টকাৰ ব্যয় সাপেক্ষে আমলখি তিনিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথলৈকে নির্মাণ হ'বলগীয়া ১.১০০ মিটাৰ দৈর্ঘ্যৰ পথৰাে কৃষিমন্ত্রীগৰাকীয়ে আধাৰশিলা স্থাপন কৰে ।

ইয়াৰ উপৰিও, আৰ.আই.ডি.এফ আঁচনিৰ অধীনত ৩৯২.৮৮০ লাখ টকাৰ ব্যয় সাপেক্ষে কুৰুৱাবাহীৰ সংযােগী পথৰ পৰা মেৰাকান হৈ চিনাকানলৈকে যােৱা ২.৭০০ মিটাৰ পথ আৰু ৬৬৪.১৮৫ লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া দুসুতীমুখ কমলামিৰি পথৰ লগতে এপার্ট আঁচনিৰ অধীনত নিকৰি গৰৈমাৰিৰ পৰা গােটাঙ গাঁৱলৈকে নির্মাণ হ'বলগীয়া ৩.২৫০ মিটাৰ দৈৰ্ঘৰ পথৰাে কৃষি মন্ত্রীগৰাকীয়ে আজি আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে, নিৰ্বাচনী অধিসূচনা জাৰি হ'বলৈ মাত্ৰ কেইদিন বাকী থাকোতে মন্ত্ৰী অতুল বৰাৰ এই ব্যাপক আধাৰশীলা অভিযানে বোকাখাত বিধান সভা সমষ্টিত বিশেষ চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in