চীন আৰু ৰাছিয়াৰ বিৰুদ্ধে নতুন পৰিকল্পনা আমেৰিকাৰ, অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰী…

চীন আৰু ৰাছিয়াৰ বিৰুদ্ধে নতুন পৰিকল্পনা আমেৰিকাৰ, অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰী…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পোম্পিঅ' আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পাৰ আগন্তুক সপ্তাহত ভাৰতলৈ আহিব। মঙলবাৰে মাৰ্ক এস্পাৰে এইকথা ঘোষণা কৰে।ভাৰত আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকা যুক্তৰাজ্য আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পাৰ কয় যে, তেওঁলোকৰ এই ভ্ৰমণৰ উদ্দেশ্য পুৰণি বন্ধুত্ব শক্তিশালী কৰা লগতে বিশ্বব্যাপী নেটৱৰ্ক নিৰ্মাণৰ বাবে ৰুছ আৰু চীনৰ প্ৰচেষ্টাৰ বিৰুদ্ধে আমেৰিকা ৰ উদ্যোগত নতুন বিকাশৰ বাট মুকলি কৰা। প্ৰতিবেদন অনুসৰি, যুক্তৰাষ্ট্ৰীয় আৰু ভাৰতীয় মন্ত্ৰীসকলৰ মাজত বুদ্ধিমত্তাৰ তথ্য ৰখাৰ বাবে আলোচনাও হ'ব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in