বিজয়ৰ ক্ষণ গণিও পৰাজয় ! ললিত- অক্ষৰৰ বেটিং বিক্ৰমত বিধ্বস্ত মুম্বাই ইণ্ডিয়ানছ

বিজয়ৰ ক্ষণ গণিও পৰাজয় ! ললিত- অক্ষৰৰ বেটিং বিক্ৰমত বিধ্বস্ত মুম্বাই ইণ্ডিয়ানছ

ডিজিটেল ডেস্কঃ অনিশ্চয়তাৰ খেল ক্ৰিকেট। তাতে যদি আই পি এল হয় তেনে অনিশ্চয়তাৰ আৰু অধিক প্ৰবল হয়। দেওবাৰে অনুষ্ঠিত হোৱা মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখনত পুনৰবাৰ সেই কথা প্ৰমাণ হ'ল। ১৭৮ ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা দিল্লী কেপিটেলছে মাত্ৰ ১৩.২ অভাৰতে ১০৪ ৰাণত ৬ টা উইকেট হেৰুৱাই পৰাজয়ৰ ক্ষণ গণিছিল যদিও পিছ মুহূৰ্ততে খেলখনে লৈছিল আন এক গতি।

১৩.২ অভাৰলৈকে কোনেও ভবাই নাছিল মেচখনত দিল্লীয়ে শেষ হাঁহি মাৰিব পাৰিব। সকলোৱে ধাৰণা কৰিছিল অতি সহজতে মুম্বাইয়ে মেচখনত জয়লাভ কৰিব। কিন্তু দিল্লী কেপিটেলছৰ দুই খেলুৱৈ ললিত যাদৱ আৰু অক্ষৰ পেটেল যুটীয়ে সপ্তম উইকেটত গোটেই মেচখনৰ ৰূপেই সলনি কৰিবলৈ সক্ষম হ'ল।

দুয়োৰে বেটৰ পৰা মাত্ৰ ৩০ টা বলতে আহিল ৭৫ ৰাণ। দুয়োৰে অপাৰিজত এই প্ৰদৰ্শনৰ ফলতে দিল্লীয়ে মুম্বাইক পৰাস্ত কৰি আই পি এল-২০২২ ত জয়ৰে নিজৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হ'ল। মেচখনৰ আৰম্ভণিতে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়।

প্ৰথমে বেটিং কৰি মুম্বাইয়ে অপেনাৰ ঈশান কিষাণৰ ৪৮ বলত ৮১ ৰাণৰ সহয়ত ১৭৭ ৰাণ কৰিবলৈ সক্ষম হয়। ১৭৮ ৰাণৰ লক্ষ্য লৈ দিল্লীয়ে বেটিং কৰিবলৈ আহি প্ৰথমে ৰাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাৰ উপৰিও খুব কম সয়তে উইকেইট হেৰুৱাই বিপদত পৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in