বহৰিৰ মাদ্ৰাছা চকত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা, আচলপাৰা কাণ্ডক গৰিহণা, VIDEO

বহৰিৰ মাদ্ৰাছা চকত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা, আচলপাৰা কাণ্ডক গৰিহণা, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত তথা বহৰিৰ নিকটৱৰ্তী মাদ্ৰাছা চকত বুধবাৰে আবেলি কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা সভা এখন অনুষ্ঠিত হৈ যায়। কাকধোৱা সমাজ, নৱজ্যোতি যুৱ সংঘ আৰু ৰাজীৱ গান্ধী স্মৃতি যুৱ সংঘৰ উদ্যোগত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব দেখুওৱা ১৮গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০.৩৩% নম্বৰ লাভ কৰা খাইৰুল ইছলাম, ৮৪.১৬% নম্বৰপ্ৰাপ্ত চুহেল ৰাণা খণ্ডকাৰকে ধৰি ১০ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৭৭% নম্বৰ লাভ কৰা কৃতী ছাত্ৰী ফাৰহানা খণ্ডকাৰ, বিজ্ঞান শাখাত ৭৯% নম্বৰপ্ৰাপ্ত কৃতী ছাত্ৰ ইকবাল হুছেইনকে ধৰি ৮ গৰাকী মুঠ ১৮ গৰাকী কীৰ্তিমানক গামোচা, কিতাপৰ টোপোলা, কলম আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

কাকধোৱা সমাজ উন্নয়ন সমিতিৰ সভাপতি জালাল উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজ কৰ্মী ৰবিউল হুছেইনে ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱা কৈ ভাষণ প্ৰদান কৰাৰ লগতে ছয়গাঁৱৰ আচলপাৰা কাণ্ডক গৰিহণা দিয়ে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

কৃতী ছাত্ৰ-ছাত্ৰীসকলক কৃষি বিজ্ঞানী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত এপিজে আব্দুল কালামৰ দৰে মিচাইল মেন হ'বলৈও হুছেইনে আহ্বান জনায়।সম্বৰ্ধনা সভাখনত চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খান, মধ্য কামৰূপ মহাবিদ্যালয়ৰ প্ৰবক্তা ছফিউল্লাহ খানৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। উক্ত সভাতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনায় উদ্যোক্তাসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in