ধুবুৰীৰ গৌৰীপুৰত পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন…

ধুবুৰীৰ গৌৰীপুৰত পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন…

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা প্ৰশাসন পিৰামল ফাউণ্ডেশ্যন, ধুবুৰীৰ উদ্যোগত আৰু স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান 'ভয়েচ অফ কোচ'ৰ যুটীয়া সহযোগত আজি জিলাখনৰ গৌৰীপুৰ ৰাজহুৱা পুথিভড়ালত ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন কৰা হয়৷ এই উপলক্ষে ধুবুৰীৰ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত গোলকগঞ্জৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জৰিউল হক, ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত সমূহ চি.আৰ.চি.চি, স্থানীয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়কে ধৰি  প্ৰায় ১৬ খন বিদ্যালয়ৰ ছাত্ৰী প্ৰতিনিধি, মহিলা শিক্ষক প্ৰতিনিধি আৰু  স্বেচ্ছাসেৱক সহ শতাধিক লোক উপস্থিত থাকে৷ সভাত মহিলাসকলে মাহেকীয়াৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত আলোচনা কৰা হয়।

আলোচনাত সমল ব্যক্তি হিচাপে বক্তব্য প্ৰদান কৰে গৌৰীপুৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ ডাঃ মিঠুন পাল, মহিলা শক্তি কেন্দ্ৰ, ধুবুৰীৰ মহিলা কল্যাণ বিষয়া মেঘলী ৰয়ে৷ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীয়ে মাহেকীয়া ঋতুস্ৰাৱ বিষয়ত  মুকলিকৈ মত বিনিময় কৰি ভবিষ্যত দিনত অনুজসকলক এই বিষয়ে সজাগ কৰিব বুলি কয়। সভাত সকলোৱে ঋতুস্ৰাৱৰ ক্ষেত্ৰত বিজ্ঞান মনস্কতাৰে সজাগতা সৃষ্টি আৰু স্বচ্ছতাক আঁকোৱালি ল'বৰ বাবে শপত গ্ৰহণ কৰে বুলি পিৰামল ফাউণ্ডেশ্যনৰ স্পৃহা গায়নে জানিবলৈ দিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in