আলফাৰে কেতিয়া? নতুন দিল্লীত স্বাক্ষৰিত হ’ল ত্ৰিপুৰাৰ বিদ্ৰোহী সংগঠন এনএলএফটিৰে বুজাবুজিৰ চুক্তি

আলফাৰে কেতিয়া? নতুন দিল্লীত স্বাক্ষৰিত হ’ল ত্ৰিপুৰাৰ বিদ্ৰোহী সংগঠন এনএলএফটিৰে বুজাবুজিৰ চুক্তি

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ত্ৰিপুৰা, চমুকৈ এনএলএফটিৰ সৈতে শনিবাৰে স্বাক্ষৰিত হয় এক বুজাবুজিৰ চুক্তি। চাৰি দশক জুৰি ত্ৰিপুৰাত সক্ৰিয় হৈ থকা এই সংগঠনটোৰে ত্ৰিপুৰা চৰকাৰৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা এই ত্ৰিপাক্ষিক চুক্তিয়ে ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাত বিশেষ ভূমিকা ল'ব বুলি অনুমান কৰা হৈছে।

নতুন দিল্লীত ১০ আগষ্টত স্বাক্ষৰিত চুক্তিত কেন্দ্ৰীয় চৰকাৰৰ হৈ স্বাক্ষৰ কৰে উত্তৰ-পূবৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে। এই চুক্তিত ত্ৰিপুৰা চৰকাৰৰ হৈ ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব (গৃহ) সবীৰ কুমাৰ দেৱবাৰ্মা আৰু এনএলএফটি (আত্মসমৰ্পনকাৰী) নেতা কাজল দেৱবাৰ্মাই।

এই চুক্তি স্বাক্ষৰিত কৰাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে এনএলএফটিৰ নেতৃত্বই। উল্লেখযোগ্য যে, ১৯৯৭ চনতে এই বিদ্ৰোহী সংগঠনটোক আনল'ফুল একটিভিটিছ (প্ৰিভেনশ্যন) এক্টৰ অধীনত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল। এসময়ত ত্ৰিপুৰাত যথেষ্ট প্ৰভাৱ থকা এই বিদ্ৰোহী সংগঠনটোৱে আন্তঃৰাষ্ট্ৰীয় সীমান্তত শিৱিৰ পাতি ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিছিল।

সংগঠনটোৰ কেডাৰে ৩১৭টা কূটাঘাত সংঘটিত কৰাৰ লগতে এনএলএফটিৰ আক্ৰমণত ২৮ জন নিৰাপত্তাৰক্ষী মৃত্যু হোৱাৰ লগতে ৬২ জন সাধাৰণ লোকৰো মৃত্যু ঘটিছিল। ২০০৫ চনৰ পৰা ২০১৫ চনলৈকে এই কূটাঘাত সংঘটিত কৰিছিল এনএলএফটিয়ে। তাৰ পিছতে ২০১৫ চনত শান্তি প্ৰক্ৰিয়াৰে চামিল হৈছিল এই বিদ্ৰোহী সংগঠনটো। ২০১৬ চনৰ পৰা কোনো হিংসাত্মক ঘটনাৰে জড়িত হোৱা নাই সংগঠনটোৰ কেডাৰ সকল।

হিংসাৰ পথ ত্যাগ কৰি শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা সংগঠনটোৰ ৮৮ গৰাকী কেডাৰে অস্ত্ৰশস্ত্ৰসহ আত্মসমৰ্পনো কৰিছিল। সেই কেডাৰসকলক চৰকাৰে আত্মসমৰ্পনৰ বাবে সা-সুবিধা দিয়াৰ লগতে ২০১৮ চনত পুনৰ্নিৰ্বাসৰ ব্যৱস্থাও কৰি দিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ লগতে ত্ৰিপুৰাৰ চৰকাৰেও সংগঠনৰ আত্মসমৰ্পনকাৰী কেডাৰ সকলক নিযুক্তিৰো প্ৰতিশ্ৰুতি দিছে। ৰাজ্যখনৰ হাউচিং, শিক্ষা আদি বিভাগত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি সংগঠনটোৰ নেতৃত্বক জনোৱাৰ লগতে সংগঠনটোৱে জনোৱা দাবী অনুসৰি ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ জনজাতীয় অঞ্চলসমসূহত আৰ্থিক বিকাশৰ কাৰ্যসূচী ল'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

উত্তৰ পূবৰ এই বিদ্ৰোহী সংগঠনটোৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত শান্তি আলোচনাৰ টেবুলত বহা আন বিদ্ৰোহী সংগঠনসমূহৰ সৈতে নতুন দিল্লীয়ে কেতিয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিব তাক লৈও চৰ্চা চলিছে। বিশেষকৈ আলফাৰ আলোচনাপন্থী গোটৰ সৈতেও কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাত বহিছে যদিও এতিয়াও কোনো চুক্তিক স্বাক্ষৰিত হোৱা নাই। আলফাৰ লগতে কাৰ্বি, এনডিএফবি, নাগা আদি বিদ্ৰোহী সংগঠনৰ সৈতেও চৰকাৰৰ শান্তি প্ৰক্ৰিয়া অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in