নৰেন্দ্ৰ মোডীৰ ওপৰত গৱেষণাঃ মেহুল চৌকসীৰ ডক্টৰেট ডিগ্ৰী লাভ

নৰেন্দ্ৰ মোডীৰ ওপৰত গৱেষণাঃ মেহুল চৌকসীৰ ডক্টৰেট ডিগ্ৰী লাভ

ডিজিটেল ডেস্কঃ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বাসনানো কাৰ নাথাকে। মেহুল চৌকসীৰো আছিল ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ হাবিয়াস। এই ডিগ্ৰী তেওঁ পালে। লগে লগে সংবাদ মাধ্যমত চৰ্চিত হ'ল তেওঁৰ এই ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ খবৰ। মেহুল চৌকসীৰ গৱেষণাৰ বিষয় আছিল নৰেন্দ্ৰ মোডী।

পিছে আপুনি ভবাৰ দৰে এইগৰাকী মেহুল চৌকসী সেইগৰাকী মেহুল চৌকসী নহয়, যিয়ে ভাৰতৰ পৰা হাজাৰ কোটি টকা লৈ বিদেশলৈ পলায়ন কৰিছে। নাম একে হ'লেও এইগৰাকী মেহুল চৌকসী এগৰাকী ডক্টৰেটৰ ছাত্ৰ। গুজৰাটৰ চুৰট বাসিন্দা ছাত্ৰগৰাকীয়ে শেহতীয়াকৈ গুজৰাটৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বীৰ নৰ্মাদ চাউথ গুজৰাট ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়।

'লীডাৰশ্বিপ আণ্ডাৰ গৰ্ভৰমেন্ট- কেছ ষ্টাডি অৱ নৰেন্দ্ৰ মোডী' শীৰ্ষক গৱেষণাৰ বাবে মেহুল চৌকসী নামৰ ছাত্ৰজনে নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা পৰা প্ৰধানমন্ত্ৰী হোৱালৈকে এই সমগ্ৰ কালছোৱাৰ ওপৰত পৰ্যবেক্ষণ চলাই গৱেষণা পত্ৰ প্ৰস্তুত কৰে। ২০১০ চনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ পৰাই গৱেষণা আৰম্ভ কৰা মেহুল চৌকসীয়ে বীৰ নৰ্মাদ চাউথ গুজৰাট ইউনিভাৰ্চিটিৰ কলা বিভাগৰ অধ্যাপক নীলেশ যোশীৰ তত্বাৱধানত ৪৫০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত যেনে কৃষক, চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, নিবনুৱা লোকৰ মন্তব্যৰ ওপৰত অধ্যয়ন কৰে।

সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপ কৰি ছাত্ৰজনে কয়, 'মই কঠিন বিষয় বাছি লৈছিলো। নৰেন্দ্ৰ মোডীৰ শাসনাধীন চৰকাৰখনৰ ওপৰত সাধাৰণ মানুহৰ ধাৰণা কেনে সেয়া ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ যাওতে মোৰ গৱেষণাৰ কালছোৱাত বিভিন্ন কঠিন মুহূৰ্ত পাৰ কৰিব লগা হৈছিল। কিন্তু মই মোৰ গৱেষণাৰ পৰা এটা কথাই গম পালো যে ৫১ শতাংশ লোকেই নৰেন্দ্ৰ মোডীৰ শাসনে সঁচাকৈ পৰিৱৰ্তন অনা বুলি ভাৱে। ৩৪ শতাংশৰ পৰা ঋণাত্মক মন্তব্য লাভ কৰা হ'ল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in