আৰিয়ানৰ উপাধি ‘খান’ হোৱাৰ বাবেই কেন্দ্ৰীয় সংস্থাৰ লক্ষ্য হৈ পৰিছেঃ মেহবুবা মুফতী…

আৰিয়ানৰ উপাধি ‘খান’ হোৱাৰ বাবেই কেন্দ্ৰীয় সংস্থাৰ লক্ষ্য হৈ পৰিছেঃ মেহবুবা মুফতী…

ডিজিটেল ডেস্কঃ জন্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পি নেত্ৰী মেহবুবা মুফতীৰ বিৰুদ্ধে সাম্প্ৰদায়িক দৃষ্টিভংগী প্ৰকাশ কৰাৰ অভিযোগ উত্থাপনেৰে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে এগৰাকী অধিবক্তাই।

বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক তেওঁৰ উপাধি খান হোৱাৰ বাবেই ৰাষ্ট্ৰীয় সংস্থাসমূহৰ লক্ষ্য হৈ পৰিছিল বুলি নিজৰ টুইটাৰ হেণ্ডলত এক টুইট কৰিছিল মেহবুবা মুফতীয়ে। তেওঁ কৈছে যে, বিজেপিয়ে তেওঁলোকৰ মুখ্য ভোটবেংকক সন্তুষ্ট কৰিবলৈ ভাৰতীয় মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি উল্লেখ কৰিছিল।

ইয়াৰোপৰি উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতাৰ পুত্ৰই কৃষকক হত্যা কৰাৰ অভিযোগত অভিযুক্তক হোৱাৰ পিছতো দৃষ্টান্তমূলক শাস্তি দিয়াৰ পৰিৱৰ্তে ভাৰতীয় কেন্দ্ৰীয় সংস্থাবোৰে আৰিয়ানক খান উপাধি হোৱাৰ বাবেই লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in