মেঘালয়ৰ ৰাজাবালা বিধানসভা সমষ্টিৰ বিধায়কৰ মৃত্যু…

মেঘালয়ৰ ৰাজাবালা বিধানসভা সমষ্টিৰ বিধায়কৰ মৃত্যু…

ডিজিটেল সংবাদ, দক্ষিন শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পাৰ্শবৰ্তী চুবুৰীয়া ৰাজ্যখনৰ মেঘালয়ৰ ৪৭ নং ৰাজাৱালা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ড০ আজাদ জামানৰ বৃহস্পতিবাৰে পুৱতি নিশা হঠাৎ মৃত্যু হোৱা ঘটনাই সমগ্ৰ সমষ্টিৰ লগতে ৰাজ্যখনত এক গভীৰ শোকৰ ছা পৰিছে।

উল্লখযোগ্য যে নিশাৰ আহাৰ গ্ৰহন কৰি বিধায়ক গৰাকী ৰাজাবালাস্থিত নিজ বাসভৱনত শুই আছিল। কিন্তু পুৱতি নিশা প্ৰায় ২ বজাত বিধায়ক গৰাকী হৃদৰোগত অসুস্থ হৈ পৰে। লগে লগে হস্পিতালত নিয়াৰ বাবে ব্যৱস্থা কৰা হয় যদিও চিকিতসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাক লৈ ৰাজাৱালা সমষ্টিৰ লগতে পশ্চিম গাৰো পাহাৰ জিলা আৰু চুবুৰীয়া ৰাজ্যখনত গভীৰ শোকৰ ছা পৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী কিছু সময় পাছত তেওঁৰ ঘৰত উপস্থিত হব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in