মেঘালয়ৰ পূব গাৰো পাহাৰত নৈশ বাছ দুৰ্ঘটনাঃ নিহত ৬, আহত ১৫…

মেঘালয়ৰ পূব গাৰো পাহাৰত নৈশ বাছ দুৰ্ঘটনাঃ নিহত ৬, আহত ১৫…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰা: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ নংচৰামত বুধবাৰে মাজনিশা প্ৰায় ১১.৫৫ বজাত তুৰা-শ্বিলং অভিমুখী নৈশ বাছ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে ৬ জন যাত্ৰী নিহত হোৱাৰ লগতে আন ১৫ জন যাত্ৰী গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হবলগা হোৱা ঘটনাই সমগ্ৰ মেঘালয়ত গভীৰ শোকৰ ছাঁ পৰিছে।

প্ৰাপ্ত বাতৰি মতে ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ তুৰা চহৰৰ পৰা শ্বিলং অভিমুখে গৈ থকা নৈশ বাছ এখনত মুঠ ২১ গৰাকী যাত্ৰী আছিল। বাছখন জিলা খন অতিক্ৰম কৰি পূব গাৰো পাহাৰ জিলা আৰু পশ্চিম খাচী পাহাৰ জিলাৰ সীমান্তবৰ্তী নংচৰাম পোৱাৰ লগে লগে নৈশ বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দলং এখনৰ প্ৰায় ৪০ ফুট তলত বাগৰি পৰে।

নৈশ বাছ দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী টোপনিত আছিল। এই বাছ দুৰ্ঘটনাত মুঠ ৬ জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন ১৫ জন যাত্ৰী আহত হয়। নিহত যাত্ৰী কেইজন ক্ৰমে পশ্চিম গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰৰ ৰংমাল বাদিম গাঁৱৰ উইথিংটন চি এইচ মাৰাকৰ জীয়ৰী ডিচমি এম চাংমা (২৬), অসমৰ গোৱালপাৰা জিলাৰ দামৰা লস্কৰপাৰা গাঁৱৰ ডমিনিক এছ চাংমাৰ পুত্ৰ চেংছৰাং আৰ মাৰাক, উইলিয়ামনগৰ বোলকিংগ্ৰী গাঁৱৰ উইলবিন এম চাংমাৰ পুত্ৰ তাৰাইউয়িন আৰ মাৰাক (২৩) , পুৰণি পি ডব্লিউ ডি কলনীৰ নিকলাচ এম চাংমাৰ পুত্ৰ টাংচিমবাৰ্থ , বালশ্ৰীগীথিম গাঁৱৰ আফবাৰতিশ জি মমিনৰ পুত্ৰ চেকামচি জি মমিন (১৮) আৰু পূব খাচী পাহাৰ জিলাৰ উমফাৰনাই গাঁৱৰ আৰ খাৰকোনঘোৰৰ পুত্ৰ ইভাৰেষ্টৰ খাৰুমনুআইদ (৪৫) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত যাত্ৰী কেইজন ক্ৰমে চিয়ানচি এম চাংমা (২৫), ডাচিলাং লাপাছুন (২৫), ডিমৰিমবাল মাৰাক (২১) , চাংবাথ মাৰাক, বাইয়া ধাৰ (২৯), লালৰিন সাংপিলিয়ান (৩১), ইবলাং কুৰুমবৈ (৫০), তুইবক লাইনংদহ (৪১), ডাৰী পাৰোইং (৪১), সুৰাইয়া আৰ চাংমা (৪০), ইনামূল মাৰাক (৩৪), নিকচিৰা টি মাৰাক (২০), ইদমান পাৱা (৩৮), ফুকন মাৰাক (২৪) , চিগাম চাংমা (২২) আৰু চিগাতচি চাংমা (২১) বুলি চিনাক্ত কৰা হৈছে।

বাছখন দুর্ঘটনাৰ পাছতেই পূব গাৰো পাহাৰ জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। একেদৰে দুৰ্ঘটনাৰ কিছু সময় পাছতেই আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা প্ৰায় ১১ কিলোমিটাৰ নিলগত থকা ৰংজেং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহত কেইজনক প্ৰাথমিক চিকিৎসাৰ পাছত তুৰা অসামৰিক চিকিৎসালয়ত ভৰ্তিকৰে।

জানিব পৰা মতে মুঠ ২১ গৰাকী যাত্ৰীৰ ভিতৰত ৯ জন যাত্ৰী তুৰাৰ পৰা বাছ খনত যাত্ৰা আৰম্ভ কৰাৰ লগতে ১২ জন যাত্ৰী উইলিয়াম নগৰৰ পৰা বাছ খনত যাত্ৰা আৰম্ভ কৰিছিল। আহত যাত্ৰী কেইজনৰ অৱস্থা এতিয়াও সংকটজনক বুলি জনা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in