কণৰাড চৰকাৰৰ প্ৰস্তাৱলৈ মেঘালয় বিধানসভাৰ অনুমোদন, নাগৰিকত্ব আইনৰ আওঁতাত থাকিবগৈ কেৱল খণ্ডিত অসম আৰু ত্ৰিপুৰা…

কণৰাড চৰকাৰৰ প্ৰস্তাৱলৈ মেঘালয় বিধানসভাৰ অনুমোদন, নাগৰিকত্ব আইনৰ আওঁতাত থাকিবগৈ কেৱল খণ্ডিত অসম আৰু ত্ৰিপুৰা…

ডিজিটেল সংবাদ, শ্বিলংঃ আভ্যন্তৰীণ পাৰপত্ৰ ব্যৱস্থাৰ আওঁতালৈ মেঘালয় ৰাজ্যকো অনাৰ দাবীৰে দুদিন পূৰ্বে কণৰাড চাংমা নেতৃত্বাধিন মেঘালয় কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱৰ প্ৰতি বৃহস্পতিবাৰে অনুষ্ঠিত বিধানসভাৰ বিশেষ অধিৱেশনে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে, শাসক আৰু বিৰোধী মিলাই ৬০ জনীয়া বিধানসভাৰ সকলো সদস্যই পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ এই প্ৰস্তাৱৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যন, ১৮৭৩ অনুসৰি মেঘালয়ক আভ্যন্তৰীণ পাৰপত্ৰ ব্যৱস্থাৰ আওঁতালৈ নিয়াৰ বাবে মুখ্যমন্ত্ৰী কণৰাড চাংমাৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপক শাসক-বিৰোধী সকলো সদস্যই সমৰ্থন জনোৱা ঘটনা মেঘালয়ৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হ'ল। এই প্ৰস্তাৱ গ্ৰহণৰ বাবেই বৃহস্পতিবাৰে বিধানসভাৰ এদিনীয়া অধিৱেশনখন অনুস্থিত হৈছিল। ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ এই প্ৰস্তাৱ কেন্দ্ৰৰ ওচৰত দাখিল কৰা হ'ল।

উল্লেখযোগ্য যে, এনডিএৰ অংশীদাৰ দলৰ মুখ্যমন্ত্ৰী হৈয়ো কণৰাড চাংমাই প্ৰথম উত্তৰ পূবৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সিংহগৰ্জন দিছিল। ইয়াৰ পিছতে মণিপুৰ, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যৰ চৰকাৰৰ পৰাও এনে দাবী উত্থাপিত হয়। যাৰ পৰিপ্ৰেক্ষিটতে আইনখনৰ বিৰোধিতা কৰা আন্দোলনক দুৰ্বল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ পাৰপত্ৰৰ অধিকাৰ থকা উত্তৰ পূবৰ ৫খন ৰাজ্য আৰু অসমৰ ষষ্ঠ অনুসূচী ভুক্ত ৭খন জিলাক উক্ত আইনৰ গণ্ডীৰ পৰা বাহিৰত ৰখাৰ কথা ঘোষণা কৰে। এনে প্ৰেক্ষাপটতে কণৰাড চাংমাই এইবাৰ উত্থাপন কৰে পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী।

মুখেৰে কোৱাই নহয়, কেবিনেটত প্ৰস্তাৱ লৈ বিধানসভাৰো অনুমোদন আদায় কৰি লোৱা কণৰাড চাংমাৰ চৰকাৰে অহা দুদিনৰ ভিতৰতে এই দাবী আনু্ষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব বুলি জানিব পৰা গৈছে। যাৰ ফলত নাগৰিকত্ব সংশোধনী আইনৰ আওঁতাত উত্তৰ পূবৰ কেৱল খণ্ডিত অসম আৰু ত্ৰিপুৰাহে থাকিবগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in