প্ৰতি বছৰে চাহ বাগিছাৰ ২৪ গৰাকী মেধা শিক্ষাৰ্থীলৈ চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে আসন সংৰক্ষিত কৰা হ’ব : স্বাস্থ্য মন্ত্ৰী..

প্ৰতি বছৰে চাহ বাগিছাৰ ২৪ গৰাকী মেধা শিক্ষাৰ্থীলৈ চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে আসন সংৰক্ষিত কৰা হ’ব : স্বাস্থ্য মন্ত্ৰী..

ডিজিটেল সংবাদ,কলিয়াবৰ: চাহ জনজাতি কল্যাণ বিভাগ আৰু কলিয়াবৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ সৌজ্যনত
কলিয়াৰ মহকুমাৰ চাহ বাহিছা সমূহৰ লাইন চকীদাৰসকলৰ মাজত শনিবাৰে চাইকেল বিতৰণ কৰে কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।

চাহ বাগিছাৰ ১০১ জন চকীদাৰলৈ চাইকেল বিতৰণ কৰা অনুষ্ঠানতেই চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ জোতা-মোজা বিতৰণ কৰা হয়।বিশিষ্ট অতিথিৰ ভাষন প্ৰসংগত,মন্ত্ৰী কেশৱ মহন্তই চাহ বাগিছাৰ ২৪ গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে ৰাজ্য চৰকাৰে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে সংৰক্ষিত আসন ৰাখিব বুলি মন্তব্য প্ৰদান কৰে

ইফালে¸একেদিনাই কলিয়াবৰৰ অন্যতম শিক্ষানুষ্ঠান কুঁৱৰীটোল হাইস্কুলত কৃৰ্তী শিক্ষয়িত্ৰী যামিনীপ্ৰভা মহন্ত আৰু বিশিষ্ট শিক্ষাবিদ দেৱেন্দ্ৰ নাথ মহন্ত স্মৃতি পুথিভড়াল উদ্ধোধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in