মায়ঙত ৩ স্কুলীয়া শিক্ষাৰ্থী সন্ধানহীন, উদ্ধাৰ দুখন চিঠি…

মায়ঙত ৩ স্কুলীয়া শিক্ষাৰ্থী সন্ধানহীন, উদ্ধাৰ দুখন চিঠি…

ডিজিটেল সংবাদ,মায়ংঃ মায়ঙৰ ঔগুৰি গাঁৱৰ তিনি স্কুলীয়া শিক্ষাৰ্থী হঠাৎ সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।নিশা ১১ বজাত ঘৰৰ পৰাই নিৰুদ্দেশ হয় ছাত্ৰ- ছাত্ৰী কেইজন।মায়ং থানাৰ পৰা নাতিদূৰৈত ঘৰ তিনিও জনৰে।

নিৰুদ্দেশ হোৱা শিক্ষাৰ্থীকেইগৰাকীৰ নাম হৈছে- দিম্পিমনি শইকীয়া (১০),চুমী বৰা (১৩),আৰু নয়ন বৰা (১০)। ইয়াৰে চুমী আৰু নয়ন ভাই- ভনী বুলি জানিব পৰা গৈছে।

মায়ং থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে।। নিশাৰ ভাগত গাঁৱৰ মাজত এখন গাড়ী দেখা পোৱা গৈছিল বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। ইফালে পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছে দুখনকৈ চিঠি। এই চিঠিত বিভিন্ন কথা উল্লেখ কৰি থৈ গৈছে সন্ধানহীন কিশোৰকেইজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in