নৰেন্দ্ৰ মোডীয়ে কোৱা ভাল দিনবোৰ আহিব কেতিয়াঃ মায়াৱতী

নৰেন্দ্ৰ মোডীয়ে কোৱা ভাল দিনবোৰ আহিব কেতিয়াঃ মায়াৱতী

ডিজিটেল ডেস্কঃ দেওবাৰে নিৰ্বাচন আয়োগে বহু প্ৰত্যাশিত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগা এই নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিব ১৯ মে'ত। ইফালে ২৩ মে'ত সম্পন্ন হ'ব ভোট গণনা। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতাৰ লগতে অভিযোগ, প্ৰত্যাভিযোগৰ মাত্ৰা।

সোমবাৰে বিএছপিৰ প্ৰধান মায়াৱতীয়ে নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি এক টুইট কৰে। টুইট তেওঁ লিখে- 'বিজেপিয়ে ৰাষ্ট্ৰবাদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ কৌশল ৰচিছে। বিজেপিয়ে যি মন যায় তাকেই কৰক। কিন্তু প্ৰথমে দেশৰ কোটি কোটি দৰিদ্ৰ জনতা, বনুৱা, কৃষক, নিবনুৱা আদিক কওক যে ভাল দিন আহিব বুলি পূৰ্বে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ এতিয়া কি হ'ল?'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in