মায়ঙৰ ঝাৰগাঁও বজাৰত নিচাজাতীয় দ্ৰব্য জব্দ…

মায়ঙৰ ঝাৰগাঁও বজাৰত নিচাজাতীয় দ্ৰব্য জব্দ…

ডিজিটেল ডেস্ক, মায়ংঃ মায়ঙৰ ঝাৰগাঁও বজাৰত পুৱাৰ ভাগত জাগীৰোড থানাৰ আৰক্ষীয়ে ভাং সহ দুজন যুৱকক আটক কৰাৰ দুঘন্টা মান পিছতেই আন এজন ব্যৱসায়ীৰ দোকানৰ পৰা বিলাতী সুৰা আৰু চুলাই জব্দ কৰিবলৈ সক্ষম হয়।মায়ং ৰাজহ চক্ৰ বিষয়া বিমান দাসৰ নেতৃত্বত লাট মণ্ডল ইমৰান হুছেইন ,গাঁও বুঢ়া জৱাহৰলাল ডেকাৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ জব্দ কৰে সুৰা ৰ কাৰ্টুন সমূহ।

ব্যৱসায়ী পৰিতুচ দাসৰ দোকানৰ পৰা জব্দ কৰে বিলাতী সুৰাৰ কেইবাটাও কাৰ্টুন আৰু দুশৰো অধিক চুলাই মদৰ পেকেট। ইতিপূৰ্বে পলায়ন কৰে পৰিতুচ দাস নামৰ সুৰা ব্যৱসায়ী জন।অৱশ্যে জাগীৰোড থানা ত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।পুৱাৰ ভাগত কোভিড প্ৰটকুল ৰ দায়িত্ব পালন কৰি থকা আৰক্ষীয়ে ইৰাজুল আলী আৰু হাসমত আলী নামৰ দুজন যুৱকক ভাং সহ আটক কৰিবলৈ সক্ষম হয়।মায়ঙৰ কাউৰী হাগী নামৰ গাঁৱৰ পৰা ভাং খিনি ক্ৰয় কৰি আনিছিল ধৃত যুৱক দুজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in