শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

মৰিচাছৰ চাইবাৰ টাৱাৰক বাজপেয়ীৰ নামেৰে নামাকৰণ

300

ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা হ’ব মৰিচাছৰ চাইবাৰ টাৱাৰ। বিশ্ব হিন্দী সন্মিলনত ভাষণ প্ৰদান কৰি শনিবাৰে এইদৰে কয় মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জগন্নাথে।

প’ৰ্ট লুইচত অনুষ্ঠিত হোৱা সন্মিলনখনত ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ উপস্থিতিত বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জনাই এই ঘোষণা কৰে মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, এই চাইবাৰ টাৱাৰটো স্থাপনৰ ক্ষেত্ৰত দ্বীৰাষ্ট্ৰখনক প্ৰধানমন্ত্ৰী হৈ থকা সময়ত যথেষ্ট সহযোগিতা আগবঢ়াইছিল বাজপেয়ীয়ে। টাৱাৰটো স্থাপনত থকা বাজপেয়ীয়ৰ অৱদানক সুঁৱৰিয়েই এই সন্মান প্ৰদৰ্শন কৰিছে দেশখনে।

এইবৰ্ষৰ হিন্দী সন্মিলনৰ বিষয়বস্তু হৈছে ‘হিন্দী ভাষাৰ বিশ্ব আৰু ভাৰতীয় সংস্কৃতি’। সন্মিলনখনত ভাগ ল’বৰ বাবে ইতিমধ্যে ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধি মৰিচাছত উপস্থিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি