বিশ্বৰ সৰ্বাধিক কথিত ভাষাৰ তালিকাত ‘অসমীয়া’, কিন্তু…

বিশ্বৰ সৰ্বাধিক কথিত ভাষাৰ তালিকাত ‘অসমীয়া’, কিন্তু…

'জনসংখ্যা বৃ্দ্ধি অনুপাতে সৰ্বভাৰতীয় পৰ্যায়ত কমিছে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা। একেদৰে বিশ্ব পৰ্যায়ত হ্ৰাস পাইছে অসমীয়া ভাষাৰ স্থান।' মাতৃভাষা দিৱসৰ প্ৰাকক্ষণত 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ৰ বিশেষ প্ৰতিবেদন…

অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। সঁচাকৈয়ে এদিন নিঃশেষ হৈ যাব নেকি অসমীয়া ভাষা? যিদৰে চৰ্চা আৰু সৰ্বসাধাৰণৰ গ্ৰহণযোগ্য ভাষা নোহোৱাৰ বাবে লুপ্তপ্ৰায় পথত ঐতিহ্য সম্পন্ন সংস্কৃতি ভাষা।

মাতৃভাষা দিৱসৰ পূৰ্বে অসমীয়াভাষী লোকসকলৰ বাবে আহিছে এটা ভাল খবৰ। সেয়া হ'ল বিশ্বৰ সৰ্বাধিক প্ৰচলিত আৰু কথিত ১০০ ভাষাৰ ভিতৰত আছে অসমীয়া ভাষাও। আমেৰিকাস্থ এখন ৱেব মেগাজিনত প্ৰকাশিত এক প্ৰৱন্ধত সন্নিবিষ্ট তথ্য মতে বিশ্বৰ সৰ্বাধিক কথিত ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষাৰ স্থান ৭৫।

ভিজুৱেল কেপিটেলিষ্ট নামৰ এই ৱেব মেগাজিনখনে এথন'ল'গ' নামৰ এটা সংস্থাই প্ৰকাশ কৰা জৰীপৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে। বিজ্ঞান সন্মত পদ্ধতিৰে চলোৱা এই জৰীপত উল্লেখ থকা মতে, বিশ্বৰ ১,৫৩,২৯,০৪০জন লোকে অসমীয়া ভাষা ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰে।

এই তালিকাত শীৰ্ষত আছে ইংৰাজী ভাষা। ইংৰাজী ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা ১১৩কোটিৰো অধিক। তাৰপাছতেই দ্বিতীয় স্থানত আছে চাইনিছ ভাষা। এই তালিকা অনুসৰি তৃতীয় স্থানত থকা 'হিন্দী' ভাষা কোৱা লোকৰ সংখ্যা ৬১,৫৪,৭৫,৫৪০গৰাকী। পৰ্যায়ক্ৰমে এই তালিকাত স্পেনিছ, ফ্ৰেন্স, বেংগলী, ৰাছিয়ান আদি ভাষাসমূহ আছে।

ভাৰতৰ ভাষাসমূহৰ ভিতৰত গুজৰাটী ভাষাৰ স্থান ২৯। ভোজপুৰীৰ স্থান ৩২ আৰু উৰিয়া ভাষাৰ স্থান ৪০। ভাৰতৰ মুঠ জনসংখ্যাৰ ১.২৬ শতাংশ লোকে কয় অসমীয়া ভাষা। ২০১১চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমীয়া ভাষা কোৱা মুঠ লোকৰ সংখ্যা আছিল ১,৫৩,১১,৩৫১গৰাকী।

ভাৰতত স্বীকৃতি প্ৰাপ্ত মুঠ ২২টা ভাষাৰ ভিতৰত অসমীয়া ভাষাৰ স্থান আছিল ১২ নম্বৰত। এইখিনিতে মন কৰিব লগা যে ১৯৭১চনৰ লোকপিয়লৰ সময়ত ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত অসমীয়া ভাষা কোৱা মুঠ লোকৰ জনসংখ্যা আছিল ১.৬৩ শতাংশ।

১৯৯১চনৰ লোকপিয়লত সেই সংখ্যা হ্ৰাস পাইছিল ১.৫৬ শতাংশলৈ। ২০০১চনৰ লোকপিয়লত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ভাৰতৰ প্ৰেক্ষাপটত হৈছিলগৈ ১.২৮ শতাংশ। এই সমীক্ষাটোত উল্লেক কৰা মতে, বিশ্বৰ বিভিন্ন স্থানত ৭হাজাৰৰো অধিক ভাষাৰ দোৱান আছে। যিবোৰক সামৰি চলোৱা হৈছিল এই জৰীপ।

বিশ্বৰ সৰ্বাধিক প্ৰচলিত ভাষা সমূহৰ বিতৰত পাঞ্জাৱী ভাষায়ো স্থান লাভ কৰিছে। তামিল, মৈঠালী, মাৰাঠী ভাষাও আছে এই তালিকাত। বিশ্বজুৰি প্ৰায় ৩হাজাৰৰো অধিক ভাষাৰ দোৱানৰ অস্তীত্ব শংকতত বুলি উল্লেখ আছে এই তালিকাত।

ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটোত মাতৃভাষা দিৱস হিচাপে উদযাপন কৰে। সেই সময়তে প্ৰকাশ পোৱা এই তালিকাই কিছু আশা সঞ্চাৰ কৰিলেও পূৰ্বৰ অসমীয়া ভাষা কোৱা লোকৰ তুলনাত হ্ৰাস পাইছে অসমীয়া ভাষাৰ স্থান।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এঠনল'গৰ ১৯৯৬চনৰ সমীক্ষাত অসমীয়া ভাষাৰ স্থান আছিল ৬৫ সংখ্যক। এই তালিকাত অৱশ্যে স্থান লাভ কৰা নাই সংস্কৃত ভাষাই। অসমীয়া ভাষাৰ স্থান নিম্নগামী হোৱা দেখা পোৱা গৈছে এই তালিকা।

জনসংখ্যা বৃ্দ্ধি অনুপাতে সৰ্বভাৰতীয় পৰ্যায়ত কমিছে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা। একেদৰে বিশ্ব পৰ্যায়ত হ্ৰাস পাইছে অসমীয়া ভাষাৰ স্থান। বৰ্তমান ভাৰতত ৪১ শতাংশ হিন্দীভাষী, ৮.১ শতাংশ বাঙলা ভাষী, ৭.২ শতাংশ তেলেগু, ৭ শতাংশ মাৰাঠী, ৩.৭ শতাংশ কানাড়া, ৩.২ শতাংশ মালায়ালাম, ৩.২ শতাংশ উৰিয়া, ২.৭ শতাংশ পঞ্জাৱীভাষী লোক আছে।

এইখিনিতে মন কৰিব লগা যে, ২০০১চনত অসমীয়া ভাষী লোকৰ সংখ্যা অসমত আছিল ৪৮.৮০ শতাংশ। সেয়া ২০১১চনৰ লোকপিয়লৰ তথ্যত ৪৮.৩৮ শতাংশলৈ হ্ৰাস পাইছিল। ২০০১চনত বাংলা ভাষী লোকৰ সংখ্যা ২৭.৫৪ শতাংশৰ পৰা ২০১১চনত ২৮.৯১ শতাংশ হৈছিল অসমত।

হিন্দী ভাষী লোকৰ সংখ্যাও বৃদ্ধি পাইছিল অসমত। ২০০১চনত ৫.৮৯ শতাংশ হিন্দীভাষী লোক আছিল। ২০১১চনত সেই সংখ্যা বৃদ্ধি পাইছিল ৬.৭৩ শতাংশলৈ। এইখিনিতে মন কৰিব লগা যে ১৯৯১চনত অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা আছিল ৫৭.৮১ শতাংশ।আৰু বাংলাভাষী লোকৰ সংখ্যা আছিল ২১.৬৮ শতাংশ।

কেৱল এয়াই নহয়, জাতি-জনগোষ্ঠীয় ভাষাও হ্ৰাস পাইছে অসমত। ২০১১চনৰ লোকপিয়লৰ তথ্য অনুসৰি ৰাজ্যত মিচিং ভাষা কোৱা লোকৰ সংখ্যা ৬,১৯,১৯৭গৰাকী। কাৰ্বি ভাষা কোৱা লোকৰ সংখ্যা ৫,১১,৭৩২গৰাকী, ডিমাচা ভাষা কোৱা লোকৰ সংখ্যা ১.৩১, ৪৭৪গৰাকী, ৰাভা ভাষা কোৱা লোকৰ সংখ্যা ১,০১,৭৫২গৰাকী, টিৱা ভাষা কোৱা লোকৰ সংখ্যা ৩১,৮২১গৰাকী, দেউৰী ভাষা কোৱা লোকৰ সংখ্যা ২৭,৪৪১গৰাকী আছিল।

অসমীয়া ভাষা আৰু অসমৰ আন জাতি-জনগোষ্ঠীৰ ভাষা কোৱা লোকৰ সংখ্যা যে হ্ৰাস পাইছে সেয়া ২০০১চনৰ লোকপিয়লৰ তথ্য আৰু ২০১১চনৰ লোকপিয়লৰ তথ্য তুলনা কৰিলেই ওলাই পৰে। এনে পৰিস্থিতিত অসমীয়া ভাষাৰ প্ৰতি ভাবুকি যে আহিছে সেই কথা মাতৃভাষা দিৱসৰ প্ৰাকক্ষণত অনুধাৱন কৰা সুযোগ আনি দিয়ে এইবোৰ তথ্যই ।

২০০১চনত ৰাভা ভাষা কোৱা লোকৰ সংখ্যা ১,৩০,৮৭৫ গৰাকী আছিল যদিও, ২০১১চনত সেই সংখ্যা ১,০১,৭৫২জনলৈ প্ৰাস পাইছে। টিৱা ভাষী লোকৰ সংখ্যা জনসংখ্যা বৃদ্ধি অনুপাতে বৃদ্ধি হোৱা নাই ২০১১ত। এই তথ্য সমূহক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু এইবোৰ তথ্যই উদঙাই দিয়ে লাহে লাহে শংকতৰ দিশে যে গৈ আছে আমাৰ ভাষা আৰু জাতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in