মুখ্যমন্ত্ৰীৰ ‘অসম আৰোগ্য নিধি’লৈ চলা শ্যামগাঁওবাসীয়ে আগবঢ়ালে ১০ হেজাৰ টকা

মুখ্যমন্ত্ৰীৰ ‘অসম আৰোগ্য নিধি’লৈ  চলা শ্যামগাঁওবাসীয়ে আগবঢ়ালে ১০ হেজাৰ টকা

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ 'অসম আৰোগ্য নিধি'লৈ চৰাইদেউ জিলাৰ অধীনস্থ মথুৰাপুৰ দাঁতিকাষৰীয়া চলা শ্যাম গাওঁবাসীয়ে আগবঢ়ালে আৰ্থিক অনুদান। কোৰোনা ভাইৰাছৰ পৰা ৰাজ্যবাসীক মুক্ত কৰি ৰাখিবলৈ চৰকাৰে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এই জৰুৰী সময়ত চৰকাৰক আৰ্থিকভাৱে টনকিয়াল কৰাৰ লগতে কোৰোনা ভাইৰাছৰ পৰা যাতে ৰাজ্যবাসীক চৰকাৰে সুৰক্ষা দিব পাৰে তাৰ বাবে চলা শ্যাম গাওঁবাসীয়েও মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ বৃহস্পতিবাৰে অসম চৰকাৰৰ ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ জৰিয়তে ১০০০০ টকা আৰ্থিক সাহাৰ্য্য আগবঢ়ায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in