শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

দেৱী দুর্গাৰ বন্দনাৰে মুখৰিত মথুৰাপুৰ…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ মহিষমৰ্দিনী দেৱী দূর্গাৰ বন্দনাৰে মুখৰিত হৈছে মথুৰাপুৰ চৌদিশ। ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো উদযাপন কৰা হৈছে দূৰ্গা পূজা । চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হৈছে পূজাৰ কাৰ্যসূচী। ইফালে, মথুৰাপুৰকে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কেবাখনো পূজা অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে।

কোভিড সৃষ্ট পৰিৱেশৰ লগতে শাৰদীয় বতৰতো উৎকট গৰমে দহা বাবেই আজি সপ্তমীৰ দিনটোত দিনৰ ভাগত পূজাস্থলী সমূহত ভক্তৰ সমাগম কম হৈছে যদিও অষ্টমী আৰু নৱমী দিনা দেৱী দুৰ্গাৰ চৰণত সেৱা ল’বলৈ ভক্তৰ আগমণ ঘটিব বুলি আশা কৰিছে আয়োজকসকলে। পূজাৰ উপলক্ষে পূৱাৰ ভাগতেই বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক ভক্তই দেৱীৰ চৰণত সেৱা লোৱা পৰিলক্ষিত হয়৷ প্ৰতিবছৰে অনুষ্ঠিত কৰা মথুৰাপুৰ স্হায়ী পূজা মণ্ডপ পৰম্পৰা ৰক্ষা কৰি নীতিনিয়ম বলি বিধান অনুষ্ঠিত হয় ৷ সন্ধিয়ালৈ পূজা মণ্ডপত ভক্তৰ ভৰি কৰা পৰিলক্ষিত হয় ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি