মথুৰাপুৰ ব্ল’চম প্লাবিক স্কুলৰ উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ

মথুৰাপুৰ ব্ল’চম প্লাবিক স্কুলৰ উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানৰ তুলনাত বে-চৰকাৰী শিক্ষানুষ্ঠানে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হয়৷ অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ব্ল'চম প্লাবিক স্কুলৰ পূৰ্বৰ দৰে এইবাৰো উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ৷ শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৫ গৰাকী পৰীক্ষাৰ্থী ভিতৰত ১৩ গৰাকীয়ে প্ৰথম স্থান আৰু দুগৰাকী দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷

ইয়াৰে চাৰি গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু বাকী ন গৰাকীয়ে লেটাৰ মাৰ্কসহ প্ৰথম স্থান অধিকাৰ কৰে৷ মথুৰাপুৰ শংকৰদেৱে শিশু বিদ্যা নিকেতনৰ পৰা অৱতীৰ্ণ হোৱা ৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৮ গৰাকীয়ে প্ৰথম বিভাগ আৰু ১৬ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হয়৷ ইয়াৰে এজনে ডিষ্টিংচন আৰু তিনিগৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়৷

আনহাতে অঞ্চলটোৰ চৰকাৰী খণ্ডৰ বিদ্যালয় ক্ৰমে মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰউৰ্ত্তীণ হাৰ ৭৫ শতাংশ হোৱাৰ বিপৰীতে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উৰ্ত্তীণ হাৰ ৩০ শতাংশতকৈ কম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in