অৰুণাচলৰ পাচিঘাট-পাংগিন বলেং পথত ভয়াৱহ ভূমিস্খলনঃ শিল-বালিয়ে পুতিলে কেইবাখনো বাহন…

অৰুণাচলৰ পাচিঘাট-পাংগিন বলেং পথত ভয়াৱহ ভূমিস্খলনঃ শিল-বালিয়ে পুতিলে কেইবাখনো বাহন…

ডিজিটেল সংবাদ জোনাইঃ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ সমীপৰ পাচিঘাট-পাংগিন বলেং পথত সোমবাৰে ভয়ংকৰ ভূমিস্খলন হোৱাত বহুকেইখন যান-বাহন ধ্বংস হোৱাৰ লগতে বহুকেইজন যাত্ৰীৰ জীৱন কথমপি ৰক্ষা পৰে। পূৰ্বৰে পৰা ভূমিস্খলনত ক্ষতিগ্রস্ত পাচিঘাট-পাংগিন বলেং পথছোৱা অতি বিপদজনক অৱস্থাত আছিল।

জানিব পৰা মতে এই পথছোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ আছিল আৰু দেওবাৰে এই পথছোৱা মুকলি কৰা হৈছিল। পাহাৰৰ পৰা দুই-এটা শিল খহি থকাৰ মাজতে বিপজ্জনকভাৱে কেইবাখনো বাহন পাৰ হৈ গৈছিল যদিও পথৰ দুয়োকাষে বহু যান-বাহন আবদ্ধ হৈ আছিল।

ইয়াৰ মাজতে সোমবাৰে হঠাত পুনৰ পাচিঘাট-পাংগিন বলেং পথত ভয়াবহ ভূমিস্খলন হয়। ফলত শিল-মাটি, গছ-গছনি খহি পৰে আৰু যান-বাহন এৰি লোকসকলে নিৰাপদ স্থানলৈ দৌৰিবলগীয়া হয়। পাহাৰৰ পৰা বাগৰি অহা শিল-মাটিয়ে কেইবাখনো গাড়ী, মটৰ চাইকেল পুতি পেলায়। ভয়াবহ ভূমিস্খলনত বহু লোকৰ কথমপি প্রাণ ৰক্ষা পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in