সেমেকা চকুৰে ক্ষমা বিচাৰিলে মেৰী কমেঃ খালী হাতেৰে উভতি আহি মই দুখিত..

সেমেকা চকুৰে ক্ষমা বিচাৰিলে মেৰী কমেঃ খালী হাতেৰে উভতি আহি মই দুখিত..

ডিজিটেল ডেস্কঃ লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা ছবাৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰী কম খালী হাতেৰেই উভতিল টকিঅ'ৰ পৰা। পদক জয়ৰ আশাৰে কেৰিয়াৰৰ অন্তিমখন অলিম্পিকত অংশগ্ৰহণ কৰা মেৰী কমে টকিঅ'ৰ পৰা উভতি আহি ভাৰতত উপস্থিত হৈছেহি। দেশত উপস্থিত হৈয়েই মেৰী কমে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে।

দেশত উপস্থিত হৈ উত্তৰ পূৰ্বাঞ্চলৰ বক্সাৰগৰাকীয়ে সেমেকা চকুৰে সংবাদ মাধ্যমৰ আগত ক'লে, খালী হাতেৰে উভতি আহি মই দুখিত, মই মেডেল লাভৰ বাবে গৈছিলো, কিন্তু নোৱাৰিলো। আনহাতে তেওঁক সমৰ্থন জনোৱাৰ বাবে সমগ্ৰ দেশবাসীক ধন্যবাদ জনালে বক্সাৰগৰাকীয়ে।দেশবাসীৰ ওচৰত তেওঁ চিৰকৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰাৰ লগতে টকিঅ'ত তেওঁৰ বিফলতাৰ বাবে ক্ষমা বিচাৰে।

ইফালে পুনৰ দিল্লী বিমানবন্দৰত মেৰী কমে তেওঁ পৰাজিত হোৱা মেচখনৰ বিচাৰকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰি-কোৱাৰ্টাৰ মেচত ৩-২ ব্যৱধানত পৰাজিত হোৱা মেৰী কমে তেওঁৰ এই পৰাজয়ক সহজভাৱে ল'ব পৰা নাই। বিচাৰকৰ ভুলৰ বাবেই তেওঁ মেচখনত পৰাজিত হ'ল বুলি উল্লেখ কৰিছে। তেওঁ কয়, মই প্ৰথম দুটা ৰাউণ্ড জয় কৰিবলৈ সক্ষম হৈছিলো। তাৰ পাছতো মই কেনেকৈ হাৰিলো? বিচাৰকে মোক বঞ্চনা কৰিছে।

বয়সৰ জোখাৰে ৩৮ অতিক্ৰম কৰা মেৰী কমে ইচ্ছা থাকিলেও পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ নোৱাৰিব। ২০২৪ত অনুষ্ঠিত হ'বলগীয়া পেৰিছ অলিম্পিকত মেৰী কমৰ বয়সে ৪১ ৰ দেওনা অতিক্ৰম কৰিব। ৪০ বছৰৰ পাছতে অলিম্পিকৰ বক্সিং ৰিঙত নামিব নোৱাৰে যদিও কোভিডৰ বাবে অৱশ্যে বয়সৰ এই উৰ্ধতম সীমা এবছৰ বঢ়াই দিছে। তথাপিও মেৰী কমে সেই অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব।

অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিলেও মেৰী কমে এতিয়াই বক্সিং ৰিঙৰ পৰা অৱসৰ গ্ৰহণ নকৰে। তেওঁ ৪০ বছৰলৈকে ৰিঙত থাকিব বুলি টকিঅ'ৰ পৰা উভতি আহি উল্লেখ কৰিছে। তেওঁৰ এই উদ্যমক দেশবাসীয়ে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in